Local, Vocal, Global

WATCH | Orang National Park : ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ বাঢ়নী পানীত প্লাৱিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান

দলগাঁও,৪জুন : ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ বাঢ়নী পানীত প্লাৱিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান। পানী বৃদ্ধি হোৱাত জলমগ্ন ১২টা কেম্প। পানীয়ে বুৰাই পেলাইছে উদ্যানখনৰ ৪০ শতাংশ অঞ্চল।

উদ্যানখনৰ দক্ষিনে ব্ৰহ্মপুত্ৰ নৈ,ধনশিৰি নৈৰ লগতে পাছনৈৰ বাঢ়নি পানী উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত জীৱ জন্তুৰ প্ৰতি ভাবুকী আহিছে যদিও ইতিমধ্যে বহু জীৱ জন্তু ওখ নিৰাপদ স্থানত আশ্ৰয় লৈছে ৷

বানৰ মাজতো বনকৰ্মীসকলে অতি কষ্টেৰে পহৰা দি থাকিব লগীয়া হৈছে৷ উদ্যানখনৰ ১২ তা কেম্প জলমগ্ন হৈ পৰিছে৷ উদ্যানখনৰ খয়ৰাচালি, বালিকেম্পত সাতফুট ফুটলৈ পানী উঠিছে(Orang National Park)৷

এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো উদ্যানখনৰ বনকৰ্মীসকলে এশিঙীয়া গঁড়কে ধৰি অন্যান্য জীৱ জন্তু সমূহ চোৰাংচিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ নাৱেৰে কৰ্তব্য পালন কৰিব লগীয়া হৈছে৷

জানিব পৰা মতে, মঙলবাৰৰ পৰা ধনশ্ৰী নৈখনৰ পানী হঠাৎ বৃদ্ধি হোৱাত উদ্যানখনৰ পূৱ প্ৰান্তৰ কেইবাটাও কেম্পত ভয়ানক ভাৱে পানী বৃদ্ধি পাইছে৷ উদ্যানখনৰ প্ৰায় ১২ টা কেম্প বানৰ কৱলত পৰিছে ৷

লগতে পঢ়ক : WATCH | Assam Floods : দেৰগাঁৱৰ বান পৰিস্থিতি বুজ ল’লে সাংসদ কামাখ্যা প্ৰসাদ তাচাই