Local, Vocal, Global

WATCH | Mushalpur News : সুৰাৰ বিপনীৰ বিৰুদ্ধে সৰৱ আদিবাসী ছাত্ৰ সন্থা

মুছলপুৰ,৪জুন : ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে অবৈধভাৱে গঢ়ি উঠা সুৰাৰ বিপনী সমূহলৈ চকু নাই আবকাৰী বিভাগৰ । কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন বাক্সা জিলা আবকাৰী বিভাগ। অবৈধ সুৰাৰ বিপনীৰ বিৰুদ্ধে সৰৱ হৈছে আদিবাসী ছাত্ৰ সন্থা(Mushalpur News)।

বাক্সা জিলাৰ ডুমুনীত আদিবাসী ছাত্ৰ সন্থাই নেতৃত্বই অভিযোগ কৰি কয় যে, ডুমুনী বজাৰ অঞ্চলত আছে কেবাখনো অবৈধ সুৰাৰ বিপনী । য’ত লোকেল সুৰা বিক্ৰী হয় । পুৱা ৪ বজাতেই খোলে এইসমূহ সুৰাৰ বিপনী । যাৰ ফলত শ্ৰমিক সকলে সুৰা সেৱন কৰি নিজকে মৃত্যুৰ গৰাহলৈ ঠেলি দিছে। কেবাজনো লোকৰ অকালতে মৃত্যুও হৈছে । এদিন পূৰ্বেও মৃত্যু হৈছে তিপ্পো লাক্ৰা নামৰ এগৰাকীৰ ।

যাৰ পৰিপ্ৰেক্ষিতত বহি থকা নাই ডুমুনী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা। সংগঠনটোৱে বাক্সা জিলা প্ৰশাসন তথা আবকাৰী বিভাগৰ হস্তক্ষেপ বিচাৰিছে আৰু অনতিপলমে সুৰাৰ ঘাটি উৎখাত কৰিবলৈ দাবী জনাইছে।

লগতে পঢ়ক : WATCH | Goreswar News : ৰাজ্য চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে বন্ধ হৈ পৰিল বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ