WATCH | Wild buffalo terror : বনৰীয়া ম’হৰ অৱস্থানক লৈ জামুগুৰিহাটত আতংক
জামুগুৰিহাট,৪জুন : তেজপুৰৰ ৰাজপথত উন্মাদ বনৰীয়া ম’হৰ আক্ৰমণত পথচাৰীৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ জামুগুৰিহাটৰ খলিহামাৰিত এটা বনৰীয়া ম’হৰ মুক্ত বিচৰণে ৰাইজক সন্ত্ৰাস সৃষ্টি কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহি খলিহামাৰিত আশ্ৰয় লোৱা বনৰীয়া ম’হৰ সম্ভাব্য আক্ৰমণৰ ভয়ত এতিয়া শংকিত গাঁওবাসী(Wild buffalo terror)।
পুৱাৰ ভাগতে গাঁওখনৰ পথাৰত বিচৰণ কৰা বনৰীয়া ম’হটো দেখি গাঁওখনত অনুষ্ঠিত হোৱা এক বিবাহ অনুষ্ঠানৰ বাবে অহা লোকসকলো অধিক শংকিত হয়।অৱশ্যে ৰাইজে বনবিভাগক অৱগত কৰোৱাত ইতিমধ্যে বনবিভাগৰ লোক উপস্থিত হৈ বনৰীয়া মহটোৰ গতিবিধি নিৰীক্ষণ কৰি থকা পৰিলক্ষিত হৈছে।
লগতে পঢ়ক : WATCH | Road Accident : ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকৰ পিছফালে খুন্দা স্কুটীৰ