WATCH | Lumding News : লামডিঙত এগৰাকী নাবালিকা যুৱতীক অপহৰণৰ চেষ্টা
লামডিং,৪জুন : লামডিঙত এগৰাকী নাবালিকা যুৱতীক অপহৰণৰ চেষ্টা । হৰলাংফাৰ তেৰেলংচো বিদ্যাল়ৰ পৰা নিজ ঘৰলৈ গৈ থকাৰ সময়তে এই ঘটনা সংঘটিত কৰে।
যুৱতী গৰাকী লামডিং হৰলাংফাৰ তেৰেলংচো বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী(Lumding News)।
যুৱতী গৰাকী কোনো মতে পাখণ্ড যুৱকৰ পৰা নিজকে বচাই পলায়ন কৰি লামডিং আৰক্ষীক অৱগত কৰে আৰু নাবালিকা যুৱতী গৰাকীৰ অভিযোগৰ ভিত্তিত লামডিং আৰক্ষী তাৎক্ষণিক ভাবে পাখণ্ড যুৱক জনক গ্ৰেপ্তাৰ কৰে। লগতে AS 31E- 7056 নম্বৰৰ এখন স্কুটী জব্দ কৰে।
পাখণ্ড যুৱক জনৰ নাম বিকী দাস লামডিং সমাজবাৰীৰ বাসিন্দা বুলি জানিব পৰা গৈছে । লামডিং আৰক্ষী ৬৬/২৫ পষ্কো আইনৰ অধীনত গোচৰ ৰুজু কৰি পাখণ্ড যুৱকজনক জেল হাজোত লৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক : WATCH | Gaurav Gogoi : যুঁজ এখন হ’ব এইবাৰ। যুঁজ এখন হ’ব