WATCH | Mass wedding was held in Jamugurihat : এখন ব্যতিক্ৰমী বিবাহ; বিয়া নাম, উৰুলি আৰু হোমযজ্ঞৰে একেলগে বিবাহত বহিল ১২ যোৰা দৰা-কইনা
জামুগুৰিহাট,৩জুন : শোণিতপুৰৰ বালিপৰাৰ বামগাঁৱত গাওঁ উন্নয়ন সমিতিৰ উদ্যোগত সম্পন্ন কৰা হয় সমূহীয়া বিবাহ অনুষ্ঠান। ১২ যোৰা দৰা কইনাই একেলগে হোমক সাক্ষী কৰি ইজনে সিজনক পিন্ধাই বৰমালা(Mass wedding was held in Jamugurihat)।
বামগাঁও হৰি মন্দিৰত আয়তীৰ উৰুলি,বিয়ানাম আৰু ৰাইজৰ ঢোল ,তালৰ মাজত অনুষ্ঠিত হোৱা সমূহীয়া বিবাহ চাবলৈ অঞ্চলটোৰ ভালে সংখ্যক ৰাইজ উপস্থিত থাকে।
উল্লেখ্য যে,বিভিন্ন সময়ত সামাজিকভাৱে বিবাহ নোহোৱা সকলক গাওঁ সমিতিয়ে এনেদৰে সামূহিকভাৱে সামাজিক ৰীতি নীতি অনুযায়ী মাহ হালধিৰে নোৱাই ধোৱাই বিবাহ কাৰ্য সম্পন্ন কৰে।
লগতে পঢ়ক : WATCH | Kaziranga National Park : বানত বুৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন