Local, Vocal, Global

WATCH | Kaziranga National Park : বানত বুৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন

কাজিৰঙা,৩জুন : বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকা। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা তথা জামুগুৰিহাটৰ দক্ষিণাঞ্চলত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ এতিয়া চল্লিশ শতাংশ আঞ্চলেই বানত বুৰ গৈছে(Kaziranga National Park)।

মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ঘিলাধাৰী নদীৰ বাঢ়নী পানী সোমোৱাৰ ফলত এতিয়া জলমগ্ন হৈ পৰিছে ষষ্ঠ সংযোজন এলেকা। ইফালে বানপানীৰ সময়ত ষষ্ঠ সংযোজনত থকা বন্য জীৱ জন্তু সমুহৰ যাতে কোনো ক্ষতিসাধন নহয় তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে বনকৰ্মী সকলে। বাসস্থানৰ লগতে খাদ্যৰ সন্ধানত ওখ স্থানলৈ ঢাপলি মেলাৰ সময়ত বন্যজীৱ জন্তুসমুহ যাতে কোনো দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হ’ব নোৱাৰে তাৰ বাবে দিনে নিশাই সজাগ হৈ থকা দেখা পোৱা গৈছে বনকৰ্মী সকলক।

লগতে পঢ়ক : WATCH | Mushalpur News : শিক্ষকৰ গাফিলতিৰ বাবে এটা শিক্ষাবৰ্ষ নষ্ট এগৰাকী ছাত্ৰীৰ