Local, Vocal, Global

WATCH | Elephant menace in Baksa : বাক্সাত বন্যহস্তীৰ তাণ্ডৱ;বন্যহস্তীৰ আক্ৰমণত আহত এজন

মুছলপুৰ,৩জুন : বাক্সাৰ ডুমুনীৰ অৰ্ণিবিলত সোমবাৰে নিশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায় ৷ বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হয় ৷

গুৰুতৰভাৱে আহত গব্ৰেল এক্কা (৪২) ক নামৰ লোকজন । আহত লোকজনক সংকটজনক অৱস্থাত মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে পাচত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ বনৰীয়া হাতীয়ে লোকজনক আক্ৰমণ কৰাৰ লগতে তেওঁৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে(Elephant menace in Baksa) ৷

পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে গব্ৰেল এক্কাৰ ভড়ালৰ ধান, পাকঘৰৰ চাউল আৰু তামোল-কলগছৰ বাগান খাই তহিলং কৰে ৷

অসহায় পৰিয়ালটোৱে এতিয়া সহায় ভিক্ষা মাগিছে বন বিভাগ তথা বাক্সা জিলা প্ৰশাসনক।

লগতে পঢ়ক : WATCH | Members of Raijor Dal held protests : ধেমাজি জিলা সদৰত বৃহৎ নদীবান্ধ বন্ধ কৰা দাবীৰে উত্তাল প্ৰতিবাদ ৰাইজ দলৰ