Local, Vocal, Global

WATCH | Heated situation : নিশা ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

ৰঙিয়া,৩জুন : নিশা ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

এগৰাকী চৰকাৰী চিকিৎসকৰ ভুল চিকিৎসাৰ‌ বলি হৈ মৃত্যুক সাৱটিলে ৰঙিয়াৰ নিকটৱৰ্তী দক্ষিণ বৰদল গাৱৰ সুঠাম যুৱক ৩৫ বছৰীয়া চন্দন নাথে।ৰাইজৰ ৰুদ্ৰ মুৰ্তি দেখি পলায়ন নাৰ্চসহ চিকিৎসকৰ।

পৰিয়ালৰ লোকে জানিব দিয়া মতে, সামান্য ভৰিৰ বিষৰ বেজি এটি লোৱাৰ কিছু সময় পাছতেই গুৰুতৰভাৱে অসুস্থ হৈ পৰে চন্দন নাথ। তাৰ পাছত পুনৰ চিকিৎসালয়লৈ লৈ আনে যদিও আদবাটতে মৃত্যু হয় চন্দন নাথৰ। ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে(Heated situation)।

অভিযোগ অনুসৰি চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে সংঘটিত হৈছে এই কৰুণ ঘটনা।

উল্লেখযোগ্য যে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰায়ে সংঘটিত হৈ আহিছে এনেধৰণৰ ঘটনা যাক লৈ ৰোগী সকলৰ জীৱনক লৈ নামি আহিছে ঘোৰ অমানিশা। আজি চন্দন নাথৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ ৰহস্য।বৰ্তমানেও চেপা উত্তেজনাই বিৰাজ কৰিছে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয় চৌহদত।

লগতে পঢ়ক : WATCH | Binita Chetry : স্বগৃহত উপস্থিত বিনীতা ছেত্ৰী; বোকাজানৰ “দেওপানী মা-দূৰ্গা মন্দিৰ”ত ল’লে আশীষ