Local, Vocal, Global

WATCH | Sonari News : বিজেপি চৰকাৰৰ দিনত হোৱা উন্নয়নৰ নমুনা

সোণাৰি,৩জুন : বিজেপি চৰকাৰৰ দিনত হোৱা উন্নয়নৰ নমুনা। নিৰ্মাণ শেষ হোৱা এবছৰ নহওঁতেই ভাঙি ছিঙি গৈছে সোণাৰিৰ ট্ৰলি আলি পথ।

চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত অতি গুৰুত্বপূৰ্ণ এটা পথৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা এবছৰ নহওঁতেই ভাঙি ছিঙি যাতায়তৰ অনুপযোগী হোৱা উপক্ৰম হৈছে।

চৰাইদেউ Teritorial Road Divisionৰ অন্তৰ্গত সোণাৰি নগৰৰ সৈতে বানফেৰা, ৰতনপুৰ চাহ বাগিচা হৈ ভজো সংযোগী ট্ৰলি আলি পথটোৰ নিৰ্মাণ কাৰ্য আজিৰ পৰা এবছৰ পূৰ্বে সম্পূৰ্ণ কৰি যাতায়াতৰ বাবে মুকলি কৰি দিয়া হৈছিল(Sonari News)।

কিন্তু বাৰিষাৰ আৰম্ভণিৰ লগে লগে পথটোৰ বিভিন্ন ঠাইত বৰষুণৰ পানী জমা হৈ জৰাজীৰ্ণ হৈ পৰিছে। সোণাৰি নগৰৰ উপৰিও ৰজাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়লৈ ৰোগী সকল যোৱা অতি চমু পথটো শীঘ্ৰেই মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

লগতে পঢ়ক : WATCH | Sherman Ali : ‘গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাত হতাশ আৰু ভয়ত আতংকিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা’