Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটত চাৰিলেনযুক্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ তীব্ৰ ভাবুকি

জামুগুৰিহাট,২জুন : জামুগুৰিহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ নামি আহিছে তীব্ৰ ভাবুকি।বিগত কিছুদিন ধৰি আহি থকা নেৰানেপেৰা বৰষুণৰ ফলত জামুগুৰিহাটৰ শান্তিপুৰত ম’হমৰা জানৰ বাঢ়নি পানীয়ে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ কিছু অংশ খহাই নিছে।

চাৰিলেণ্ড যুক্তৰাষ্ট্ৰীয় ঘাইপথৰ ম’হমৰা জানৰ ওপৰত থকা সৰু দলং কাষতে এইদৰে খহনীয়া দেখিবলৈ পোৱা গৈছে। আচলতে চাৰিলেণ্ড যুক্তৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই সময়মতে এই সৰু দলঙখনৰ এই অংশ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাৰ বাবে এই খহনীয়া হ’বলৈ পালে বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে(Jamugurihat News)।

যাৰ ফল স্বৰূপে যিকোনো মুহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা সম্ভাৱনা ঘনীভূত হৈ পৰিছে৷ অস্থায়ীভাৱে বেৰিকেড লগোৱা হৈছে যদিও শীঘ্ৰে এই ঠাইডোখৰত বিশেষ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন নকৰিলে বিশেষকৈ নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে ৷

লগতে পঢ়ক : WATCH | Bilasipara News : বিলাসীপাৰাৰ কাঠালদি গাঁৱত গৌৰং নৈৰ খহনীয়াৰ কালৰূপ