WATCH | Bilasipara News : বিলাসীপাৰাৰ কাঠালদি গাঁৱত গৌৰং নৈৰ খহনীয়াৰ কালৰূপ
বিলাসীপাৰা,২জুন : বিলাসীপাৰাৰ কাঠালদি গাঁৱত গৌৰং নৈৰ খহনীয়াৰ কালৰূপ। বিগত ২৪ ঘন্টাত খহনীয়াত জাহ যায় কেইবাটাও পৰিয়ালৰ বাসগৃহ। নৈখনৰ গৰাখহনীয়াৰ তাণ্ডৱত দিশহাৰা গাঁৱখনৰ বাসিন্দা সকল । নিজৰ সপোনৰ ঘৰ খন নিজহাতে ভাঙি নিৰাপদস্থান লৈ স্থানান্তৰ কৰিছে ।
উল্লেখ্য যে, কেবাদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত গৌৰাং নৈৰ জলস্তৰ বৃদ্ধিৰ সমান্তৰালে নৈ খনৰ খহনীয়াৰ কৰাল গ্ৰাসত পৰিছে হাতীপোতা ২য় খণ্ড গাঁৱখন(Bilasipara News)।
নৈ খনৰ খহনীয়াৰ তাণ্ডৱত বিগত ২৪ ঘন্টাত ১০টাৰো অধিক বাসগৃহৰ লগতে শতাধিক বিঘা কৃষি ভূমি নদী খনৰ গৰ্ভত বিলীন হৈ গৈছে বুলি জানিব পৰা গৈছে।
স্থানীয় বিধায়ক ছামছুল হুদা, সাংসদ ৰকিবুল হুছেইন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহন কৰাৰ আহ্বান জনাই আহিছে যদিও কোনো এজনেও এই ক্ষেত্ৰত কাণষাৰ নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ |
অঞ্চলটোত অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰিলে অচিৰেই মানচিত্ৰৰ পৰা হেৰাই যাব হাতীপোতা ২য় খণ্ড , কাঠালদি গাঁও।
লগতে পঢ়ক : WATCH | Sonari News : দীৰ্ঘদিনৰ বিৰতিৰ অন্তত নাগালেণ্ডত বৰ্তমান উৰিছে শান্তিৰ কপৌ