WATCH | Sonari News : দীৰ্ঘদিনৰ বিৰতিৰ অন্তত নাগালেণ্ডত বৰ্তমান উৰিছে শান্তিৰ কপৌ
সোণাৰি,২জুন : দীৰ্ঘদিনীয়া সন্ত্ৰাস জৰ্জৰ পৰিৱেশৰ অৱসান ঘটাই সম্প্ৰতি ক্ৰমাৎ শান্তিৰ দিশে অগ্ৰসৰ হৈছে নাগালেণ্ড। উত্তৰ পূৰ্বাঞ্চলৰ আঠ ভনীৰ অন্যতম ৰাজ্য নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ দুটা মূল ফৈদ ক্ৰমে এন এছ চি এন (আই এম) আৰু এন এছ চি এন (কে)ৰ উগ্ৰপন্থী কাৰ্যকলাপৰ বাবে অশান্তময় পৰিবেশ বিৰাজ কৰি থকাৰ ফলত ৰাজ্যখনলৈ বাহিৰা পৰ্যটক আগমন প্ৰায় শূণ্য হৈ পৰিছিল।
ৰাজ্যখনত বসবাস কৰা জনগোষ্ঠী সমূহৰ সুকীয়া জীৱন শৈলী, পৰম্পৰা আৰু জৈৱ বৈচিত্ৰৰে ভৰপূৰ ৰাজ্যখনত শেহতীয়াকৈ কিছু পৰিমাণে হলেও শান্তিৰ পৰিবেশ উভতি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ একাংশ স্থানীয় উদ্যোগী লোকে নিজা প্ৰচেষ্টাত পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ ৰিজট, হোটেক আদি স্থাপন কৰিছে। উজনি অসমৰ চৰাইদেউ জিলাৰ সৈতে সংলগ্ন নাগালেণ্ডৰ মন জিলাৰ টিজিত অঞ্চলত স্থাপন কৰা Seven Heaven Eco Resotএ ৰাজ্যখনৰ লগতে অসমৰ পৰ্যটক সকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে( Sonari News)।
পুইহোৱা পাহাৰৰ নামনিত অৱস্থিত ৰিজটোৰ পৰা ট্রেকিং (পৰ্বতাৰোহন) কৰিবলৈ চৰাইদেউ জিলাৰ বহু শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী নিয়মীয়াকৈ যাবলৈ আৰম্ভ কৰিছে। পিএম শ্ৰী আদৰ্শ বিদ্যালয়, ৰঙাপথাৰৰ এন চি চিৰ দল এটা আজি এই ৰিজটটোত উপস্থিত হৈ পৰ্বতাৰোহনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। অৱসৰপ্ৰাপ্ত শিক্ষক ললিত ফুকন আৰু কুমুদ দিহিঙীয়াৰ নেতৃত্বত যোৱা ছাত্ৰ ছাত্ৰীৰ দলটোৱে প্ৰায় ৫০০ মিটাৰ উচ্চতৰ পাহাৰটো আৰোহণ কৰি ৰোমাঞ্চিত হৈ পৰে।
লগতে পঢ়ক : WATCH | Kaliabor News : মাজ নিশা কলিয়াবৰত উপস্থিত সভাপতি গৌৰৱ গগৈ