WATCH | Bilasipara News : বৰষুণৰ পানীয়ে বুৰালে ৰাণীগঞ্জৰ বিস্তৃৰ্ণ খেতিপথাৰ
বিলাসীপাৰা,২জুন : বিগত দুদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ পানীয়ে বিলাসীপাৰাৰ ৰাণীগঞ্জত জলাশয় সমূহৰ লগতে বিস্তৃৰ্ণ খেতিপথাৰ প্লাৱিত কৰি তুলিছে। ফলত কৃষক সকলৰ লগতে মৎস্য পালক সকলে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়াত পৰিছে।
অঞ্চলটোৰ ভাণ্ডাৰকুটী গাওঁত নিৰ্মাণ কৰা অমৃত সৰোবৰ আচঁনিৰ এটা পুখুৰীৰ পাৰ বাঢ়নি পানীয়ে ভাঙি পেলোৱাত উন্নত জাতৰ মাছৰ পোনা ওলাই যায় বুলি স্থানীয় যুৱক দীপাংকৰ নাথে জানিব দিয়ে(Bilasipara News)।
উল্লেখ্য যে, গাওঁখনৰ দীপাংকৰকে ধৰি সাতজনীয়া নিৱনুৱা যুৱকৰ দলে অমৃত সৰোবৰৰ পুখুৰীটো ভাড়ালৈ লৈ মৎস্য পালন কৰিবলৈ লয়। যুৱকৰ দলটোৱে উন্নত মানৰ বিভিন্ন প্ৰজাতিৰ প্ৰায় দুই কুইন্টল মাছৰ পোনা আমদানি কৰি প্ৰায় ৮ বিঘা ভুমিত খান্দি উলিওৱা পুখুৰীটোত এৰি দিয়ে। মৎস্য পালনৰ লগতে পুখুৰীটোৰ পাৰত পাচলিৰ খেতি কৰাৰ লগতে হাঁহ ,কুকুৰা পালনৰো পৰিকল্পনালৈ দুগুণ উৎসাহৰে প্ৰস্তুতি চলাবলৈ লয়।
সকলো কাম পৰিকল্পনা মতে আগবাঢ়ি থাকোতেই যোৱা নিশা অহা প্ৰবল ধুমুহা আৰু বৰষুণে যুৱকৰ দলটোৰ আশা-আকংশা তচ-নচ কৰি দিয়ে। অতিপাত বৃষ্টিৰ বাঢ়নি পানীৰ সোতে পুখুৰীৰ প্ৰায় ২০ মিটাৰ পাৰ উটুৱাই নিয়াত অলপতে এৰি দিয়া মাছৰ পোনা সমুহ ওলাই যায়। তাৰোপৰি হাঁহ কুকুৰা পালনৰ বাবে নিৰ্মাণ কৰা বাহৰ চাল-বেৰ উৰুৱাই নিয়ে।ফলত নিবনুৱা যুৱকৰ দলটো সম্প্ৰতি বিপাঙত পৰিছে। যুৱকৰ দলটোৱে চৰকাৰৰ লগতে সংশ্লিষ্ট বিভাগক বিষয়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি যুৱকৰ দলটোক সকাহ দিয়াৰ বাবে কাতৰ অনুৰোধ জনাইছে।
লগতে পঢ়ক : WATCH | Youth goes missing: বিগত ১৪ দিন ধৰি সন্ধানহীন টীয়কৰ অমৰ বড়া