Local, Vocal, Global

WATCH | Nalbari News : কৃত্ৰিম বানৰ কৱলত মূলাৰকুচি গাঁৱৰ ঔহাটীৰ প্ৰায় ২০ টাকৈ পৰিয়াল

নলবাৰী,২জুন : এবাৰ ভাবিবলৈ যেন আহৰি নাই নলবাৰীৰ এখন গাঁৱৰ এটি চুবুৰীয়াৰ প্ৰায় ২০ টাকৈ পৰিয়ালৰ দুৰ্দশাৰ কথা।

কৃত্ৰিম বানৰ কবলত পৰিছে মূলাৰকুচি গাঁৱৰ ঔহাটী চুবুৰীৰ প্ৰায় ২০ টাকৈ পৰিয়াল। এটা পুৰনি কালভাৰ্ট বন্ধ কৰি দিয়াৰ ফলত জীয়াতু ভুগিছে পৰিয়াল কেইটাই। ঔহাটী চুবুৰীৰ তিনিটা পৰিয়ালে উক্ত পুৰণি নলাটোত থকা কালভাৰ্টতো বন্ধ কৰি দিয়াৰ ফলত যমৰ যাতনা সহিছে চুবুৰীটোৰ আন পৰিয়ালৰ লোক সকলে।

ভুক্তভোগী পৰিয়ালসমূহে অস্বাস্থ্যকৰ পৰিৱেশত যমৰ যাতনা ভুগিবলগীয়া হৈছে(Nalbari News)।

আনহাতে ভুক্তভোগী পৰিয়ালকেইটাই বৰ্তমানেও নিজ দমকলৰ খোৱা পানীৰ পৰা বঞ্চিত হোৱাৰ উপৰি শৌচালয়বোৰো ব্যৱহাৰ কৰাৰ পৰা প্ৰায় এমাহে বঞ্চিত হৈ আছে বুলি অভিযোগ উত্থাপিত হৈছে।

উপায় বিহীন ভুক্তভোগী লোকসকলে স্থানীয় চক্ৰ বিষয়াৰ ওচৰ চাপিছে। স্থানীয় চক্ৰ বিষয়াই অঞ্চলটোত সংঘটিত এনে অনিয়মৰ ক্ষেত্ৰত ভুক্তভোগী পৰিয়ালসমূহক ন্যায় প্ৰদানৰ ক্ষেত্ৰত কি ভূমিকা পালন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব?

লগতে পঢ়ক : WATCH | Guwahati-North Guwahati ferry services suspended : পুনৰ বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা