Local, Vocal, Global

WATCH | Man goes Missing : গেলেকীৰ বামগাঁৱৰ এজন যুৱক নিৰুদ্দেশ

গেলেকী,১জুন : গেলেকীৰ বামগাঁৱৰ এজন যুৱক নিৰুদ্দেশ।

গেলেকীৰ বামগাঁৱৰ মানসিকভাৱে অসুস্থ এজন যুৱক তিনিচুকীয়াৰ মানসিক চিকিৎসা কেন্দ্ৰৰ পৰা নিৰুদ্দেশ হয় ।

ৱাজিদ আলি নামৰ প্ৰায় ২৯ বছৰীয়া গেলেকীৰ বামগাঁৱৰ মানসিকভাৱে অসুস্থ যুৱকজনক প্ৰথমে মানসিক ৰোগীৰ পুন:সংস্থাপন কেন্দ্ৰ হাতিপটিৰ জ্যোতিগৃহত ভৰ্তি কৰোৱা হৈছিল ।

চিকিৎসা জনিত কাৰণত যোৱা ২৭ তাৰিখে মহিলা মানসিক ৰোগীৰ পুনৰ সংস্থাপন কেন্দ্ৰটোৰ তত্বাৱধানত তেজপুৰ মানসিক চিকিৎসালয়লৈ নিয়া হৈছিল যুৱকজনক(Man goes Missing)।

জানিব পৰা মতে, তেজপুৰৰ চিকিৎসালয়ৰ পৰাই দিনৰ ১১ মান বজাত নিৰুদ্দেশ হয় যুৱকজন । যুৱকজনৰ নিৰুদ্দেশ হোৱাত এতিয়া দিশহাৰা হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো ।

ইতিমধ্যে মানসিক ৰোগীৰ পুন:সংস্থাপন কেন্দ্ৰটোৰ সঞ্চালক নাছেৰ খানে তেজপুৰ সদৰ থানাত নিৰুদ্দেশ সম্পৰ্কীয় জাননী দাখিল কৰিছে ।

কিন্তু এই মূহুৰ্তত লৈ কোনো ধৰণৰ সম্ভেদ ওলোৱা নাই যুৱকজনৰ ।

ইতিমধ্যে পৰিয়ালৰ লোক গেলেকীৰ আৰক্ষীৰ কাষ চাপিছে ।

লগতে পঢ়ক : WATCH | Gaurav Gogoi : শিৱসাগৰত পদযাত্ৰাত গৌৱৰ গগৈৰ