WATCH | Sonari News : সোণাৰিৰ কৃতি ছাত্ৰ অনুৰণ মহন্তৰ কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকৰ সন্মান লাভ
সোণাৰি,২৯মে’ : সোণাৰিৰ বিশিষ্ট চিকিৎসক ডাঃ পল্লৱ মহন্ত আৰু মিতালি মহন্তৰ কণিষ্ঠ পুত্ৰ অনুৰণ মহন্তই যোৱাটো শিক্ষা বৰ্ষৰ বাবে কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকৰ পুৰস্কাৰ লাভ কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে(Sonari News)।
২৭ মে’ত অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কৃতি ছাত্ৰ গৰাকীক বিশ্ববিদ্যালয়ৰ শ্রেষ্ঠ স্নাতকলৈ আগবঢ়োৱা দুৰ্গেশ্বৰ শৰ্মা সোঁৱৰণি পুৰস্কাৰৰ লগতে বিজ্ঞান শাখাৰ শ্ৰেষ্ঠ স্নাতকৰ পুৰস্কাৰো আগবঢ়োৱা হয়। ছাত্ৰ জনৰ এই সফলতাই চৰাইদেউবাসীৰ মাজত আনন্দৰ বন্যা বোৱাইছে।
লগতে পঢ়ক : WATCH | Teok News : ঢেকীয়াখোৱা বৰ নামঘৰত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্ম জয়ন্তী মহোৎসৱৰ আয়োজন