Local, Vocal, Global

WATCH | Teok News : ঢেকীয়াখোৱা বৰ নামঘৰত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্ম জয়ন্তী মহোৎসৱৰ আয়োজন

টীয়ক,২৯মে’ : ঢেকীয়াখোৱা বৰ নামঘৰত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্ম জয়ন্তী মহোৎসৱৰ আয়োজন। তিনিদিনীয়া কাৰ্যসূচীৰে ঢেকীয়াখোৱা বৰ নামঘৰত ২৪ জেঠৰ পৰা ২৭ আৰু ২৮ জেঠত আয়োজন কৰিছে শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্ম জয়ন্তী(Teok News)।

ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতি,নাম সমিতি, আৰু কৃষ্টি সমিতিৰ উদ্যোগত তথা ৰাইজৰ সহযোগত আয়োজন কৰিবলৈ লোৱা অনুষ্ঠান ভাগিত ২৪ জেঠৰ দিনা ৰচনা, বৰগীত, সত্ৰীয়া নৃত্য,খোল বাদন প্ৰতিযোগিতা আৰু ২৭ জেঠৰ দিনা যোৰহাট জিলা ভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

আনহাতে ২৮ জেঠৰ দিনা পুৱাৰ ভাগত ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰা,দিনৰ ১ বজাত ধৰ্মালোচনী সভা , হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ঢেকীয়াখোৱা গাঁৱৰ কৃতি ছাত্ৰ ছাত্ৰী সকলক আশীৰ্বাদ আৰু বয়োজ্যেষ্ঠ ব্যক্তিক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হ’ব।

এই জন্ম জয়ন্তী মহোৎসৱ লগত সংগতি ৰাখি দেৰগাঁওৰ মধুশোধন বৰপ্ৰাত্ৰ গোহাঁই পৰিয়ালৰ দ্বাৰা আগবঢ়োৱা নৃসিংহ অৱতাৰ ভাওনা মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু গাঁৱৰ যুৱক বৃন্দৰ দ্বাৰা প্ৰদৰ্শন হ’ব। সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি , সহযোগিতা কামনা কৰিছে ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতিয়ে।

লগতে পঢ়ক : WATCH | Bilasipara News : সাংসদ, বিধায়কে নকৰা কাম কৰি দেখুৱালে নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে