Local, Vocal, Global

WATCH | Sensational incident : মঙলদৈত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি

মঙলদৈ,২৮মে’ : মঙলদৈত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। বিহ পান কৰি আত্মহত্যা বৰ আঠিয়াবাৰী গাঁওৰ ছবি ৰাণী ডেকা নামৰ মহিলা গৰাকী।

একে গাঁওৰে সীমান্ত চহৰীয়া নামৰ এগৰাকী যুৱকৰ সৈতে সম্পৰ্ক আছিল ছবি ৰাণী নামৰ মহিলা গৰাকীৰ। প্ৰেমিকে আনি দিয়া বিষ খাই প্ৰেমিক ৰূপী মহিলা গৰাকীয়ে আত্মহত্যা কৰাৰ অভিযোগ স্বামী চিন্ময় কটকীৰ।

আচলতে স্বামী চিন্ময়ক হত্যা কৰিবলৈ বিষ খিনি প্ৰেমিক সীমান্ত চহৰীয়াই প্ৰেমিকা ছবি ৰাণীক আনি দিছিল বুলি অভিযোগ আনে স্বামী চিন্ময় কটকীয়ে।পিছত স্বামীক বিষ দিয়াৰ বিপৰীতে নিজেই বিষ পান কৰি মৃত্যুক সাৱটি লৈ ছবি ৰাণীয়ে।তিনিবছৰীয়া কন্যা সন্তান এটিক কাষতে বহুৱাই বিষ পান কৰি মৃত্যুক আঁকোৱালি লোৱাৰ পিছত শোকৰ ছাঁ পৰে সমগ্ৰ অঞ্চলত(Sensational incident)।

ঘটনা অনুসৰি মঙলদৈ সমষ্টিৰ অন্তৰ্গত বৰআঠিয়াবাৰী গাঁওৰ চিন্ময় কটকী নামৰ এগৰাকী যুৱকৰ সৈতে যোৱা চাৰি বছৰ পূৰ্বে বিয়াত বহিছিল কলাইগাঁওৰ যুৱতী ছবি ৰাণী ডেকা। তিনিবছৰীয়া এটি কণমানি কন্যা সন্তানৰ সৈতে সংসাৰ ধুনীয়াকৈ চলি থকাৰ মাজতে একে গাঁওৰে সীমান্ত চহৰীয়া নামৰ এজন যুৱকৰ সৈতে গঢ় লৈ উঠে অবৈধ প্ৰেমৰ সম্পৰ্ক।এই সম্পৰ্কৰ বিষয়ে লাহে লাহে স্বামী চিন্ময়ে জনাৰ পিছৰ পৰা আৰম্ভ হয় মনোমালিন্য। প্ৰেমিক সীমান্তই ছবি ৰাণীক দিয়া এজোৰ পায়েলক লৈ সংঘাত তীব্রতৰ হৈ পৰে।

প্ৰেমিকে দিয়া পায়েল জোৰ প্ৰেমিকক স্বামীয়ে উভতাই দিবলৈ যোৱাৰ সমযতে ঘৰত সন্তানৰ সৈতে থকা ছবি ৰাণীয়ে বিষ পান কৰে। বিষ পান কৰাৰ পিছতে প্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়ত লৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে GMCH লৈ যায়। কিন্তু GMCH ত মৃত্যুক সাৱটি লয় মহিলা গৰাকীয়ে।

লগতে পঢ়ক : WATCH | Shrinkhal Chaliha : বাংলাদেশী বিৰুদ্ধে ওলাই আহিল শৃংখল চলিহা