Local, Vocal, Global

WATCH | Chapar News : চাপৰত ল’ৱাৰ আসাম চাউণ্ড এচ’চিয়েশ্বন সংবাদ মেল

চাপৰ,২৮মে’ : চাপৰত ল’ৱাৰ আসাম চাউণ্ড এচ’চিয়েশ্বন সংবাদ মেল ।

নামনি অসমত দীপশিখা বৰাৰ কোনো সাংস্কৃতিক সন্ধিয়াত সহায় সহযোগিতা নকৰে তথা যেতিয়া লৈ দীপশিখা বৰাই ক্ষমা নুখুজে তেতিয়ালৈ দীপশিখা বৰাক বয়কট কৰিব বুলি উল্লেখ কৰে।

এচ’চিয়েশ্বনৰ অভিযোগ চাপৰৰ প্ৰদ্বীপটিলাত যোৱা ২২ মে’ তাৰিখে অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত চাউণ্ড চিচটেম অপৰেটোৰ আৰু চাউণ্ড ছেট যোগান ধৰা ব্যক্তিক আৱদ্ধ কৰি মৰেল পুলিচৰ আচৰণৰে জৰিমনা আদায় কৰাৰ উপৰি দু-ব্যৱহাৰ কৰে।

লগতে কয় যে এই ঘটনা সৃষ্টি কৰে কণ্ঠশিল্পী দীপশিখা বৰাই, দীপশিখা বৰাই পুৱতি নিশা লৈ গান গাবলৈ অমান্তি হয় কিন্তু ৰাইজ আৰু কমিটিৰ বাৰংবাৰ অনুৰোধ কৰাত কাৰ্যসূচী কিছু সময় চলায় যদিও পিছলৈ চাউণ্ড ছেট বেয়া বুলি কৈ গান গাব নোৱাৰে বুলি মঞ্চৰ পৰা বিদায় লয়(Chapar News)।

ইয়াৰ পৰাই সুত্ৰপাত হয় কাজিয়াৰ যাৰ বাবে পৰিচালনা কমিটিয়ে চাউণ্ড ছেট যোগানকাৰিক উৰেটো নিশা আৱদ্ধ কৰি ৰাখে আৰু পিছলৈ জৰিমনা লৈ এৰি দিয়ে।

যাৰ বাবে ল’ৱাৰ আসাম চাউণ্ড এচ’চিয়েশ্বনে নামনি অসমত দীপশিখা বৰাৰ কোনো সাংস্কৃতিক সন্ধিয়াত সহায় সহযোগিতা নকৰে তথা যেতিয়া লৈ দীপশিখা বৰাই এই ঘটনাৰ ক্ষমা নুখুজে তেতিয়ালৈ দীপশিখা বৰাক বয়কট কৰিব বুলি উল্লেখ কৰে।

লগতে পঢ়ক : WATCH | Sipajar News : বৰদৌলগুৰি সমবায় সমিতি লিমিটেডৰ উদ্যোগত পেপাৰ ডিছ -প্লেট তৈয়াৰ  কৰা উদ্যোগৰ শুভাৰম্ভণি