WATCH | Bongaigaon News : পঞ্চায়ত নিৰ্বাচনৰ পিছত পোহৰলৈ আহিছে এগৰাকী পঞ্চায়ত সদস্যাৰ জালিয়াতিৰ তথ্য

বঙাইগাঁও,২৭মে’ : পঞ্চায়ত নিৰ্বাচনৰ পিছত পোহৰলৈ আহিছে এগৰাকী পঞ্চায়ত সদস্যাৰ জালিয়াতিৰ তথ্য । সম্পূৰ্ণ জালিয়াতিৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগ নৱ নিৰ্বাচিত সদস্যা মৰ্জিনা খাতুনৰ বিৰুদ্ধে।
এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ নাম্বাৰপাৰা-চাকলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৫ নং নাম্বাৰপাৰা তৃতীয় খণ্ড উত্তৰ খণ্ডত।
নিৰ্বাচনী বিধি মতে, পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ হ’লে প্ৰাৰ্থী গৰাকীৰ ঘৰত চেনিটাৰী শৌচালয় থকাটো বাধ্যতামূলক। কিন্তু মৰ্জিনা খাতুন নামৰ সদস্যা গৰাকীৰ বাসস্থানত নাই ছেনিটাৰী শৌচালয়। শপতনামাত শৌচালয় থকা বুলি উল্লেখ কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈ সদস্যা হিচাপে নিৰ্বাচিত হৈছে মৰ্জিনা খাতুনে। বাসস্থানত ছেনিটাৰী শৌচালয় নথকাৰ পিছতো কেনেকৈ শপতনামাত উল্লেখ কৰিলে সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে(Bongaigaon News)।
নিৰ্বাচনী বিধি উলংঘা কৰি সম্পূৰ্ণ মিছাৰ আশ্ৰয় লৈ পঞ্চায়ত সদস্যা হিচাপে নিৰ্বাচিত হোৱা সদস্যাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে স্থানীয় ৰাইজে।
লগতে পঢ়ক :WATCH | Shrinkhal Chaliha : যোৰহাটত বাংলাদেশীৰ দপদপনিৰ অভিযোগ