Local, Vocal, Global

WATCH | Bongaigaon News : বঙাইগাঁও জিলাত কিস্তিৰ নামত হাৰাশাস্তি

বঙাইগাঁও,২৭মে’ : বঙাইগাঁও জিলাত কিস্তিৰ নামত হাৰাশাস্তি ।

কিস্তিৰ টকা লৈ ৰচিদ নিদিয়াৰ অভিযোগ চফিকুলৰ বিৰুদ্ধে ।

বঙাইগাঁও জিলাৰ অভয়াপুৰী কোটত এজাৰ দাখিল ।

জঁপিয়া মাদ্ৰাছা পাৰাৰ নওচাদ আলী নামৰ ব্যক্তিয়ে এখন JCB ক্ৰয় কৰিছিল(Bongaigaon News)।

বঙাইগাও জিলাৰ অভয়াপুৰী আৰক্ষী থানাৰ অন্তৰ্গত কীৰ্তন পাৰা চকত গাড়ীটো ৰাখি দুপৰীয়া খাবলৈ গৈছিল ।

কিন্তু মালিক অবিহনে গাড়ীখন ফাইনেন্সৰ লোকে আহি গাড়ীখন লৈ যায়।

অভিযোগ মতে , প্ৰায় চাৰি পাঁচ বছৰ পূৰ্বে গাড়ীখন ফাইনেন্সৰ পৰা লৈছিল আৰু মাহত কিস্তি দি আছিল । মাহত দিয়া কিস্তিৰ প্ৰমাণ হাতত আছে বুলি মন্তব্য কৰে ভুক্তভোগীয়ে।

টকা লোৱাৰ ৰিচিব দিম দিম বুলি কয় যদিও এতিয়ালৈ টকাৰ ৰিচিব দিয়া নাই ফাইনন্সৰ এজেণ্ট বিলাকে ।

ৰিচিব বিচৰাত JCB খন লৈ গ’ল ফাইনন্সৰ এজেণ্টে।

২৫ তাৰিখত প্ৰায় দুপৰীয়া আনুমানিক ১ মান বজাত গাড়ীখন ফাইনন্সৰ লোকে লৈ যোৱা খবৰ পায় ন্যায় বিচাৰি আৰক্ষীৰ কাক চাপিছে নওসাদ আলীয়ে।

লগতে পঢ়ক :WATCH | Mangaldoi News : মঙলদৈত হিন্দু মুছলমানৰ বিভেদৰ ৰাজনীতি