WATCH | Mangaldoi News : মঙলদৈত হিন্দু মুছলমানৰ বিভেদৰ ৰাজনীতি
মঙলদৈ,২৭মে’ : মঙলদৈত হিন্দু মুছলমানৰ বিভেদৰ ৰাজনীতি।
মুছলমান মহিলা হোৱাৰ বাবেই নাম কৰ্তন কৰা হ’ল অৰুণোদইৰ তালিকাৰ পৰা।
এই অভিযোগ একাংশ মুছলমান মহিলাৰ(Mangaldoi News)।
মঙলদৈ সমষ্টিৰ অন্তৰ্গত নগৰবাহী পঞ্চায়ত এটি হিন্দু মুছলমান লোকৰ বসতি প্ৰধান অঞ্চল।
শেহতীয়াকৈ প্ৰকাশ পোৱা অৰুণোদই তালিকাৰ পৰা এই অঞ্চলৰ কিছু মুছলমান মহিলাৰ নাম কৰ্তন হ’ল।
সেই লৈ খৰ্গহস্ত মহিলাসকলে পঞ্চায়ত কাৰ্য্যালয় উপস্থিত গোটৰ সভানেত্ৰীৰ লগত কৰিছে খণ্ড যুদ্ধ।
বুথৰ সভাপতিয়ে পক্ষপাতিত্ব কৰাৰ অভিযোগ এই সকল প্ৰতিবাদী মহিলাৰ।
তৎকালীন ভাৱে তালিকাত নাম অন্তৰ্ভুক্ত নকৰিলে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ মহিলাসকলৰ।
লগতে পঢ়ক :WATCH | Heated situation : মানকাচৰৰ ঠাকুৰানবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্তত উত্তপ্ত পৰিস্থিতি