WATCH | Heated situation : মানকাচৰৰ ঠাকুৰানবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্তত উত্তপ্ত পৰিস্থিতি
হাটশিঙিমাৰী,২৭মে’ : মানকাচৰৰ ঠাকুৰানবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্তত উত্তপ্ত পৰিস্থিতি।
পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ BSF ৰ শূন্যলৈ গুলিচালনা।
সীমান্তৰ BSF য়ে বাংলাদেশৰ সেনাক নিয়ন্ত্ৰন কৰিবলৈ শূন্যলৈ চাৰি জাই গুলি চালনা কৰে।
বাংলাদেশৰ নাগৰিকক পুছবেগ কৰাৰ সময়তে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে(Heated situation)।
জানিব পৰা মতে, বাংলাদেশ সেনা BGB য়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তত আহি ভাৰতীয় সেনা BSF ৰ লগত প্ৰথমে তৰ্ক যুদ্ধত লিপ্ত হয়। পিছে বাংলাদেশ সেনাৰ লগতে ঘটনাস্থলীত বাংলাদেশৰ শ শ নাগৰিকে সীমান্ত আহে যদিও BSF য়ে পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ শূন্যলৈ গুলি কৰিবলৈ বাধ্য হয়।
উল্লেখ্য যে, ভাৰতত অবৈধ বাবে প্ৰৱেশ কৰা ১৪ গৰাকী বাংলাদেশী নাগৰিকক মানকাচৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে পুছবেগ কৰাৰ সময়তে বাংলাদেশৰ সেনা BGBয়ে বাধা প্ৰধান কৰে।
লগতে পঢ়ক : WATCH | Rangia News : বিকশিত অসমৰ উন্নয়নৰ ছবি