WATCH | Abhayapuri News : মহিলাক অশালীন ইংগিত দি পলাই পত্ৰং দিলে পঞ্চায়ত সচিব

অভয়াপুৰী,২৬মে’ : এইবাৰ মহিলাক অশালীন ইংগিত দি পলাই পত্ৰং দিলে পঞ্চায়ত সচিব।পঞ্চায়ত সচিবৰ বিৰুদ্ধে এই অভিযোগ।
টাপাট্টাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কলবাৰী পঞ্চায়তৰ কৃষি সখী ভুক্তভোগী মহিলা গৰাকীয়ে বিশেষ কামৰ বাবে সচিবজনৰ কোঠালীত প্ৰৱেশ কৰি কামটোৰ বিষয়ে অৱগত কৰাত সচিবজনে হিলাগৰাকীক অশালীন ইংগিত দিয়াৰ অভিযোগ। তাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ(Abhayapuri News)।
পৰিস্থিতি বিষম দেখি সচিৱ জাহিদুল ইছলামে ৰাইজৰ ৰোষত পৰাৰ ভয়ত পলাই পত্ৰং দিয়ে । উক্ত ঘটনাটো সংঘটিত হৈছে অভয়াপুৰী সমজিলাৰ অন্তৰ্গত কলবাৰী পঞ্চায়তত।
সচিৱজনৰ বিৰুদ্ধে অনিয়মীয়া ভাৱে কাৰ্যলয়ত উপস্থিতি হোৱাৰ লগতে মহিলাৰ প্ৰতি অশালীন ব্যৱহাৰৰ অভিযোগ দীৰ্ঘদিনীয়া।
লগতে পঢ়ক : WATCH | Lurinjyoti Gogoi :‘গৌৰৱ গগৈয়ে নিজেই প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিব লাগে’