Local, Vocal, Global

WATCH | Jagiroad News : সুদীৰ্ঘ ৭ বছৰৰ পিছত পুনৰ ৰাজ সিংহাসনত অধিষ্ঠিত হ’ল তিৱা সকলৰ পৰম্পৰাগত খলা ৰজা

জাগীৰোড,২৬মে’ : মহাৰাজৰ জয় হ’ল ৷ ৰাজ্য আৰু ৰাজপাট ঘুৰাই পালে ৰজাই ৷ ৰাজসিংহাসন লাভ কৰি হাঁহি বিৰিঙিল ৰজাৰ মুখত ৷

হয়, আইনী যুঁজত জয়ী হ’ল গোভা ৰজাৰ কৰতলীয়া ৰজা সুমংগল দেউৰজা ৷ সুদীৰ্ঘ ৭ বছৰ পিছত পুনৰ ৰাজসিংহাসনত অধিষ্ঠিত হ’ল তিৱা সকলৰ পৰম্পাৰগত খলা ৰজা ৷ ২০১৭ চনত এই ৰজাৰ বিৰুদ্ধে কেতবোৰ মনেসজা অভিযোগ উত্থাপন কৰি পৰম্পৰাৰ বিৰুদ্ধে গৈ একাংশই ৰজা পাতিছিল প্ৰবীন মচৰঙক(Jagiroad News)৷

অসম চৰকাৰৰ পৰা তিৱা ৰজা সকলক প্ৰদান কৰি অহা ৰাজভাট্টাৰ বাবেই আৰম্ভ হৈছিল এই যুঁজ ৷ এটা সময়ত এই যুঁজ পাইছিলগৈ আদালতৰ মজিয়া ৷

এই সময়চোৱাত ৰাজকীয় সকলো কাম কাজ, পৰম্পৰাগত পূজা-পাৰ্বন চলাই নিয়াৰ লগতে ৰাজভাট্টা আৰু ৰাজভোগ লাভ কৰি আহিছিল নতুন ৰজা প্ৰবীন মচৰঙে ৷ কিন্তু অৱশেষত মহামান্য আদালতে দিলে পূৰ্বৰ ৰজা সুমংগল দেউৰজাক ৰজা হিচাপে স্বীকৃতি ৷ এই ৰায়দানৰ পিছতে ওলট পালট হৈ গ’ল সকলো ৷ ইমানদিনে ৰজা হৈ থকা প্ৰবীন মচৰং হৈ পৰিল সাধাৰণ প্ৰজা ৷ আৰু বংশানুক্ৰমে হোৱা ৰজা সুমংগল দেওৰজাই পুনৰ লাভ কৰিলে হেৰুওৱা ৰাজ্য আৰু ৰাজসিংহাসন ৷

এতিয়াৰে পৰা সুমংগল দেউৰজাই পৰম্পৰাৰগত ৰাজকীয় ব্যৱস্থাক সুৰক্ষা দিয়াৰ লগতে সম্পাদন কৰিব ঐতিহাসিক প্ৰাচীন খলা ৰাজ্যৰ ৰাজকাৰ্য ৷ মধ্য অসমৰ কেইবাগৰাকীও তিৱা ৰজা, ঐতিহাসিক তিৱা ৰাজদৰবাৰ অসম, খলা দেউৰজা ৰাজচ’ৰা পৰিচালনা কৰ্ণধাৰ সমিতি আৰু খলা ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজৰ উপস্থিতিত এই কথা সদৰি কৰিলে ৰজা সুমংগল দেউৰজাৰ লগতে ঐতিহাসিক তিৱা ৰাজদৰবাৰ অসমৰ সভাপতি জুৰচিং বৰদলৈয়ে ৷

লগতে পঢ়ক : WATCH | Drugs seized : জাগীৰোডত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজনক