WATCH | Chapar News : শীঘ্ৰে একত্ৰিকৰণৰ দিশে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দুয়োটা বিভাজিত গোট
চাপৰ,২৬মে’ : শীঘ্ৰে একত্ৰিকৰণৰ দিশে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দুয়োটা বিভাজিত গোট।
‘২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি আদিবাসী সকলৰ জনজাতিকৰণ, জাতিগত প্ৰমাণ পত্ৰ প্ৰদান আৰু চাহ শ্ৰমিকসকলৰ মজদুৰি ৫৫১ টকালৈ চৰকাৰে বৃদ্ধি ন’কৰে তেনেহলে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু আদিবাসী ভোটাৰ ৰাইজ।’ চাপৰৰ চৈবাৰীত উপস্থিত হৈ নৱনিযুক্ত “আছা”ৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰোৰ এই মন্তব্য।
“আছা”ৰ নৱনিযুক্ত কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত লাভ কৰি পোনপ্ৰথমবাৰৰ বাবে নিজ গ্ৰহ অঞ্চলত উপস্থিত হোৱাত ৰেজান হৰোক “আছা”ৰ ধুবুৰী জিলা সমিতি আৰু প্ৰাক্তন “আছা” সদস্যৰ উদ্যোগত লগতে চাপৰ, কৃষ্ণকলি আৰু চৈবাৰী চাহ বাগিছাৰ ৰাইজৰ সহযোগত চাপৰৰ চৈবাৰীৰ নিজপট্টি লাইন খেলপথাৰত বিশাল আদৰণী আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে(Chapar News)।
উক্ত সভাত “আছা”ৰ দুয়োটা গোটৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত হৈ নৱনিযুক্ত ভাৰপ্ৰাপ্ত সভাপতি গৰাকীক উষ্ম আদৰণী জনাই দুয়োটা গোটে এক হোৱাৰ কথা উল্লেখ কৰে। লগতে ২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলৰ সমস্যা সমূহ সমাধানৰ দাবী জনাই।
লগতে পঢ়ক :WATCH | Hajo News : নিশা হাজোৰ বৰম্বৰ ৰাজপথত এজাক পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ