WATCH | Nalbari News : নলবাৰীৰ শ্ৰীশ্ৰী জাগাৰা সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰ ৪৫৯ সংখ্যক তিৰোভাৱ তিথি উদযাপন
নলবাৰী,২৬মে’ : নলবাৰীৰ শ্ৰীশ্ৰী জাগাৰা সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰ ৪৫৯ সংখ্যক তিৰোভাৱ তিথি উদযাপন।
দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শ্ৰীশ্ৰীহৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱটি।
নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ জাগাৰাৰ শ্ৰীশ্ৰী জাগাৰা সত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰীশ্ৰীহৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ(Nalbari News)।
ৰাতিপুৱা বিভিন্ন কাৰ্যসূচীৰ অনুষ্ঠিত হোৱাৰ লগতে উলিওৱা হয় ভাগৱত শোভাযাত্ৰা।
সন্ধিয়া থিয়নাম প্ৰদৰ্শন, স্থানীয় শিল্পীৰ দ্বাৰা নাট্যকাৰ ৰমা বৰ্মনৰ ৰচিত আৰু পৰিচালিত নাট “দংশন” প্ৰদৰ্শন কৰা হ’ব।
আনহাতে, দেওবাৰে ভাগৱত পাঠ, ৰাজহুৱা ভোগ বিতৰন কাৰ্যসূচীৰ লগতে সন্ধিয়া নাগাৰা নাম পৰিৱেশন কৰা হয়।
নাগাৰা নাম পৰিৱেশন কৰিব পাঠিকা ময়ুৰী নাথে।
লগতে পঢ়ক : WATCH | Massive fire breaks out: হোজাইৰ যোগীজান বজাৰত বিধ্বংসী অগ্নিকাণ্ড