WATCH | Nalbari News : সদৌ অসম কবি সন্মিলনৰ বৰক্ষেত্ৰী শাখা গঠন
নলবাৰী,২৬মে’ : ‘সদৌ অসম কবি সন্মিলন’ৰ কেন্দ্ৰীয় কাৰ্যসূচী ‘ কাব্যদিন’ আৰু সদৌ অসম কবি সন্মিলনৰ নলবাৰী জিলা সন্মিলন গঠন সম্পৰ্কে নলবাৰী জিলাৰ মুকালমুৱাৰ জয়সাগৰত ২৫ এপ্ৰিল দেওবাৰে আবেলি ৩.৩০ বজাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।
জয়সাগৰ গাঁও নিবাসী তথা স্থানীয় শংকৰ মাধৱ হাইস্কুলৰ শিক্ষক পিংকু মণি ৰায় চৌধুৰীৰ উদ্যোগত অনুষ্ঠিত গীতে-মাতে জীপাল অনুষ্ঠানটি নিশা প্ৰায় ৮ বজাত সামৰণি পৰে। উক্ত শুভ কাব্যিক অনুষ্ঠানটি লাউঠাৰি গাঁও নিবাসী সমাজকৰ্মী তথা বি. আৰ. আম্বেদকাৰ বঁটা প্ৰাপক বিপিন চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয়। বিভিন্ন প্ৰান্তৰ কবি-সাহিত্যিক,শিক্ষক, সমাজকৰ্মী উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখনত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইন, সদৌ অসম কবি সন্মিলনৰ নতুন দিনৰ কবিতাৰ কবি ডক্টৰ ইফটিকাৰ আলী আহমেদ, সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰা প্ৰমুখ্যে ভালেমান লোকে অংশগ্ৰহণ কৰে(Nalbari News)।
আজিৰ সভাত সদৌ অসম কবি সন্মিলনৰ অধীনত বৰক্ষেত্ৰী শাখা সমিতিখন গঠন কৰা হয়। অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক দ্বিজেন চন্দ্ৰ ডেকাক সভাপতি, লাউঠাৰি গাঁও নিবাসী সমাজকৰ্মী তথা বি.আৰ.আম্বেদকাৰ বঁটা প্ৰাপক বিপিন চন্দ্ৰ দাসক উপ-সভাপতি, শংকৰ মাধৱ হাইস্কুলৰ সহ: শিক্ষক তথা যুৱ- প্ৰজন্মৰ কবি-লিখক পিংকু মণি ৰায় চৌধুৰীক সম্পাদক, বৃহত্তৰ জাগাৰা অঞ্চলৰ সৰবৰহী যুৱক তথা উদীয়মান গায়ক যোগেশ বৰুৱাক প্ৰচাৰ সম্পাদক, এম.এন. চি. বালিকা মহাবিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী তনুশ্ৰী বৈশ্য আৰু বৰভাগ অঞ্চলৰ যুৱ সাংবাদিক চম্পক বৈশ্যক যুটীয়াভাৱে সাংগঠনিক সম্পাদক, দিপিকা দেৱীক পত্ৰিকা সম্পাদক, সাংবাদিক ধনজিৎ বৈশ্য আৰু লক্ষেশ্বৰ শৰ্মাক সহকাৰী সম্পাদক, শিক্ষক বাবন চন্দ্ৰ হালৈ, বিশিষ্ট কবি-সাহিত্যিক অশ্বিনী বেজবৰুৱা, শংকৰ মাধৱ হাইস্কুলৰ প্ৰাক্তন প্ৰতিষ্ঠাপক শিক্ষক তথা একেখন বিদ্যালয়ৰ বিদ্যালয় পৰিচলনা আৰু উন্নয়ন সমিতিৰ সভাপতি গুনেন্দ্ৰ ৰায় চৌধুৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সোণেশ্বৰ হালৈক উপদেষ্টা, সাংবাদিক ভৱজিত বৰ্মণ,অৰবিন্দ বৈশ্য, ৰিংকু ৰায় চৌধুৰী, খগেন শৰ্মা, দীনেশ বৈশ্য, গীতা ডেকা, অজিত বৈশ্য, জিন্তু ৰায় চৌধুৰীক সদস্য হিচাপে লৈ বৰক্ষেত্ৰী শাখা কবি সন্মিলনখন গঠন কৰা হয়।
পৰৱৰ্তী পৰ্যায়ত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কবিসকলক লৈ সদৌ অসম কবি সন্মিলনৰ শাখা গঠন কৰা হ’ব বুলি জনাইছে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় ৰাজ্যিক সমিতিয়ে।
লগতে পঢ়ক : WATCH | Road Accident : তীব্ৰবেগী বাইকে মহতিয়াই নিলে পথচাৰীক