Local, Vocal, Global

WATCH | Chapar News : প্ৰেমৰ চলনাৰে ছোৱালীৰ ভিডিঅ’ কৰি ব্লেক মেইলিং কৰা ভণ্ড প্ৰেমিক আৰক্ষীৰ জালত

চাপৰ,২৫মে’ : ছোৱালীৰ জীৱনক লৈ হেতালি খেলা ৰেজাউন মণ্ডল অৱশেষত আৰক্ষীৰ জালত।

প্ৰথমে প্ৰেমৰ চলনাৰে ছোৱালীৰ ভিডিঅ’ কৰি ব্লেক মেইলিং কৰা ভণ্ড প্ৰেমিক আৰক্ষীৰ জালত।

চাপৰ আৰক্ষী জালত অৰ্ধ শতাধিক ছোৱালীৰ জীৱন ধ্বংস কৰা কুখ্যাত অপৰাধী।

মহিলা,যুৱতী আৰু নাবালিকা ছোৱালীক বিভিন্ন চলনাৰে নিজৰ প্ৰেমৰ জালত পেলাই নগ্ন ছবি, ভিডিঅ’ ৰেকৰ্ড কৰি ব্লেক মেলিং কৰাৰ ভয়ংকৰ অভিযোগ এই পাষণ্ডৰ বিৰুদ্ধে।

হয় আপোনালোকে ঠিকে শুনিছে, এইজনে সেইজন ধুৰন্ধৰ লম্পট যিয়ে ছোৱালীক পন্য ৰূপে গন্য কৰে(Chapar News)।

জানিব পৰা মতে, চাপৰৰ ৰৌমাৰীৰ ৰেজাউন মণ্ডলে সামাজিক মাধ্যম যোগে দীৰ্ঘদিন ধৰি প্ৰেমৰ চলনাৰে মহিলা, যুৱতী আৰু নাবালিকা ছোৱালীক নিজৰ প্ৰেমৰ জালত পেলাই নগ্ন ছবি আৰু ভিডিঅ’ ৰেকৰ্ড কৰে তাৰ পিছত আৰম্ভ কৰে ব্লেকমেলিং।

তেনে এক নাবালিকা ছোৱালীক ব্লেক মেলিং কৰিবলৈ গৈ পৰিয়ালৰ হাতত ধৰা পৰে।

পিছত ভূক্তভূগি পৰিয়ালটোৱে চাপৰ আৰক্ষী থানাত এজাহাৰ দিয়াত বহু ভয়ংকৰ তথ্য পোহৰলৈ আহে।

এজন দুজন নহয় প্ৰায় অৰ্ধ শতাধিক মহিলা যুৱতী আৰু নাবালিকা ছোৱালীৰ নগ্ন ছবি ভিডিঅ’ উদ্ধাৰ হয় এইজন লম্পট ৰেজাউন মণ্ডলৰ পৰা।

প্ৰথমে ম’বাইল ফোনত আৱদ্ধ কৰে পিছলৈ এই ফটো ভিডিঅ’ লম্পটজনে এটা পেনড্ৰাইত সংৰক্ষণ কৰে।

ইতিমধ্যে আৰক্ষীয়ে সকলো তথ্য জব্দ কৰি লম্পট ৰেজাউন মণ্ডলক গ্ৰেপ্তাৰ কৰি জেল হাজাতলৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে গোচৰ নং ৭৩/২০২৫ ৰ অধীনত W/S 77 BNS, R/W- 66(e)/ 67(b) IT Act, R/W- 14/15, আৰু 8 of Pocso ধাৰা লগায়।

আৰক্ষীৰ ভুমিকা ৰহস্যজনক ,আইনৰ সুৰুঙাৰে পিছলৈ সাৰি যাব নেকি কুখ্যাত এইজন অপৰাধী তেনে আশংকা কৰিছে ভুক্ত ভুগিয়ে।

লগতে পঢ়ক : WATCH | Biswanath News : বিশ্বনাথত উপস্থিত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত