Local, Vocal, Global

WATCH | Mann Ki Baat : ছিপাঝাৰৰ চেঙেলীয়াঝাৰত “মন কী বাত” আৰু তিৰংগা যাত্ৰা

ছিপাঝাৰ,২৫মে’ : ছিপাঝাৰৰ পাথৰিঘাট মণ্ডল বিজেপিৰ অন্তৰ্গত চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ ১৪১ নং বুথৰ কুমাৰপাৰা গাঁৱত অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী ‘মন কী বাত’ অনুষ্ঠান।

বুথ কমিটীৰ সভাপতি চামচুল হকে আঁতধৰা অনুষ্ঠানত প্ৰভাৰী হিচাপে উপস্থিত থাকি পঞ্চায়তখনৰ নৱ নিৰ্বাচিত বিজেপি দলৰ আঞ্চলিক সদস্য মোস্তাক হুছেইনে প্ৰধানমন্ত্ৰী ‘মন কি বাত’ অনুষ্ঠানৰ ওপৰত বিস্তৃত ব্যক্তব্য আগবঢ়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী নেতৃত্বৰ বাবে দেশে আজি উন্নতি তথা প্ৰগতিৰ পথত আগবাঢ়ি যাব পাৰিছে বুলি  উল্লেখ কৰি আমি সকলোৱে প্ৰধানমন্ত্ৰী গৰাকীৰ হাত আৰু অধিক শক্তিশালী কৰি তুলিব লাগে মন্তব্য কৰে(Mann Ki Baat)।

নিজৰ বক্তব্যত তিৰংগা প্ৰসংগত মোস্তাক হুছেইনে কয় যে যি সকল বীৰ সৈনিকে দেশখনক সুৰক্ষা দিয়াৰ বাবে অহৰ্নিশে লাগি আছে সেই সকল সৈনিকক সাহস -প্ৰেৰণা আৰু উৎসাহ দান কৰাৰ বাবে তিৰংগা পতাকা হাততলৈ পদযাত্ৰা কৰা হ’ব বুলি উল্লেখ কৰে। অনুষ্ঠানত কুমাৰপাৰাৰ  ৱাৰ্ড সদস্য চম্পক শৰ্মাৰ লগতে ভালেমান কেই গৰাকীকে বক্তব্য আগবঢ়ায় । অনুষ্ঠানত গাঁও খনৰ একাংশ পুৰুষ -মহিলা উপস্থিত আছিল। উল্লেখ্য যে অনুষ্ঠানৰ আগেয়ে বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত সৈনিক নীলাকান্ত ডেকাই।

লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁৱৰ ৰাঙলীটিংত ৰাইজ ৰোষত পৰি অবৈধ চুলাই ব্যৱসায়ী