Local, Vocal, Global

WATCH | Elephant menace in Kampur : কচুৱাৰ জুৰিৰপাৰত নিশা বন্যহস্তীৰ উপদ্ৰৱ

কামপুৰ,২৫মে’ : কচুৱাৰ জুৰিৰপাৰত নিশা বন্যহস্তীৰ উপদ্ৰৱ। নিশা বনাঞ্চলৰ পৰা ওলাই অহা ৫ জনীয়া এটি বনৰীয়া হাতীৰ জাকে জুৰিৰপাৰত উপদ্ৰৱ চলাই বিস্তৰ ক্ষতি সাধন কৰে।

নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাৰ জুৰিৰপাৰত শনিবাৰে নিশা ৫ জনীয়া এটি বনৰীয়া হাতীৰ জাকে গাঁওখনৰ বিভিন্ন প্ৰান্তত উপদ্ৰৱ চলাই বিস্তৰ ক্ষতি সাধন কৰে।

জুৰিৰপাৰৰ ৰফিকুল ইছলাম নামৰ এগৰাকী লোকৰ তামোল বাগানত বনৰীয়া হাতীৰ জাকে প্ৰৱেশ কৰি শ শ তামোল গছ, নাৰিকল গছ, পথাৰৰ ধান আৰু বিদ্যালয়ৰ দমকলসহ মূল্যবান সামগ্ৰী ভাঙি তহিলং কৰে হাতীৰ জাকে(Elephant menace in Kampur)।

হাতীৰ জাকে উপদ্ৰৱ চলাই তহিলং কৰা দেখি মুৰে কপালে হাত দিছে ৰফিকুল ইছলাম নামৰ লোকজনে। যাৰ বাবে চৰকাৰে উক্ত ব্যক্তি জনক সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাই। ইপিনে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত নামি অহা হাতীৰ জাকৰ উপদ্ৰৱত অনিষ্ট হৈ পৰে গঞাই।

লগতে পঢ়ক : WATCH | Poor Conditions of Roads: গোৰেশ্বৰত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ