Local, Vocal, Global

WATCH | Poor Conditions of Roads: গোৰেশ্বৰত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ

গোৰেশ্বৰ,২৫মে’ : গোৰেশ্বৰত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ। বিজেপি চৰকাৰ হায় হায়, প্ৰমোদ বড়ো হুচিয়াৰ, MCLA পৱিত্ৰ কুমাৰ বড়ো মুৰ্দাবাদ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

গোৰেশ্বৰৰ ভোগপুৰৰ পৰা বালাবাৰী হৈ তামুলপুৰ সংযোগী লোকনিৰ্মাণ বিভাগৰ পথটোৰ দুৰৱস্থাই যাতায়াতত জীয়াতু ভোগাই অহাত স্থানীয় ৰাইজে আজি পথটো নিৰ্মাণ কৰাৰ দাবীত ভোগপুৰত প্ৰতিবাদ সাব্যস্ত কৰে(Poor Conditions of Roads)।

উল্লেখ্য যে এই পথটো কেইবা বছৰ ধৰি মেৰামতি নকৰাত ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ জৰাজীৰ্ণ হৈ পৰিছে। ইতিমধ্যে পথটোত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো পথচাৰী আহত হ’ব লগীয়া হৈছে। ইয়াৰ পিছতো স্থানীয় MCLA পবিত্ৰ কুমাৰ বড়োৱে গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ স্থানীয় ৰাইজে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়াৰ মবিদুল ইছলাম বৰ্তমান উঠি অহা যুৱক যুৱতীসকলৰ বাবে হৈ পৰিছে এক আদৰ্শৰ স্বৰূপ