Local, Vocal, Global

WATCH | Sensational incident : শোকৰ ছাঁ ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহনন কৰা নলবাৰীৰ গোলক ৰাজবংশী ঘৰত

নলবাৰী,২৩মে’ : ব্ৰহ্মপুত্ৰত জাঁপ নলবাৰীৰ গোলক ৰাজবংশী নামৰ লোকজনৰ। গুৱাহাটী-উত্তৰ গুৱাহাটী ৰজাদুৱাৰ অভিমুখী যাত্রীবাহী ফেৰীৰ পৰা ব্রহ্মপুত্রত জাঁপ গোলক ৰাজবংশীৰ। মুখ্যমন্ত্রীলৈ ছুইচাইড নোট লিখি ব্রহ্মপুত্রত জাঁপ লোকজনৰ। নলবাৰীৰ দাহুদীত গোলক ৰাজবংশী ঘৰত শোকৰ ছাঁ।

আৰ্থিক দৈন্যতাৰ বাবেই এই ঘটনা হোৱা বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে(Sensational incident)।

ঘটনা অনুসৰি বৃহস্পতিবাৰে ৰাতিপুৱা বেলশৰ থানাৰ অন্তৰ্গত দাহুদী গাঁওৰ গোলক ৰাজবংশীয়ে নিজৰ ঔষধ আনিবৰ বাবে নলবাৰী চহৰলৈ যাও বুলি পত্নী ৰোহিনী ৰাজবংশীক কৈ ঘৰৰ পৰা ওলাই গৈছিল। নলবাৰী চহৰৰ পৰা গুৱাহাটীলৈ গৈ ফেঞ্চি বজাৰৰ জাহাজ ঘাটত এই ঘটনা সংঘটিত কৰে লোকজনে।

লগতে পঢ়ক : WATCH | Chapar News : ইছলাম ধৰ্মৰ যুৱকে পলুৱাই লৈ গ’ল এগৰাকী হিন্দু বোৱাৰীক