Local, Vocal, Global

WATCH | African swine fever : বৰপেটা জিলা প্ৰশাসনে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে জাৰি কৰিছিল নিষেধাজ্ঞা

বৰপেটা,২২মে’ : বৰপেটা জিলা প্ৰশাসনে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে জাৰি কৰিছিল নিষেধাজ্ঞা ।

বৰপেটাৰ নিজচেঙাত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈছে ৩৫ টাকৈ গাহৰি ।

বৰপেটা জিলা প্ৰশাসনে সতৰ্ক সংকেত দিয়াৰ পাছতে জিলাখনৰ কেবা ঠাইতো ধৰা পৰিছিল আফ্ৰিকান ছোৱাইন ফিভাৰৰ ।

শেহতীয়াকৈ বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত পশু পালন আৰু পশু চিকিৎসা বিভাগ ৰাজ্যিক পশু চিকিৎসালয়ৰ অধিস্থিত নিজচেঙা গাঁওৰ বামপাৰত আজি ধৰা পৰিল আফ্ৰিকান ছোৱাইন ফিভাৰৰ আক্ৰান্ত গাহৰি(African swine fever)।

জানিব পৰা মতে, বুধবাৰে কেইটামান গাহৰিৰ জ্বৰ হৈ থকাত পশু চিকিৎসকক খবৰ কৰাত চিকিৎসৰক দল এটি গৈ গাহৰি পালকৰ ঘৰত উপস্থিত হৈ নমুনা সংগ্ৰহ কৰি গুৱাহাটীলৈ পঠাইছিল ।

আজি চেঙাস্থিত পশু পালন আৰু পশু চিকিৎসা বিভাগ ৰাজ্যিক পশু চিকিৎসালয়ৰ পৰা জাননী প্ৰদান কৰি জনায় পশু পালক দেৱ কুমাৰ দেৱক ।

অধিক সংক্ৰমণ ৰোধ কৰিবলৈ বৰপেটা জিলাৰ সকলো বজাৰ আৰু ৰাজহুৱা স্থানত গাহৰি, গাহৰিৰ পোৱালি, গাহৰিৰ মাংস, আৰু আনুষংগিক সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে । ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে চলাচল কৰাৰ বাহিৰে জিলাখনৰ ভিতৰত আৰু বাহিৰত গাহৰিৰ পৰিবহণ নিষিদ্ধ ।

ইতিমধ্যে বৰপেটা জিলা প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা আছে আইপিচিৰ অধিনত ১৮৮ নং ধাৰাত এই নিয়ম উলংঘা কৰিলে দ্বন্দনীয় হ’ব বুলি উল্লেখ কৰা আছে ।

জনসাধাৰণক গাহৰিৰ মৃতদেহ মুকলি পথাৰ, জলভাগ বা অন্যান্য উন্মুক্ত ঠাইত পেলোৱাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

ইয়াৰ উপৰিও আক্ৰান্ত অঞ্চলৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত চাৰিজন বা তাতকৈ অধিক লোকৰ সমাৱেশত বাধা আৰোপ কৰা হৈছে ।

উল্লেখ্য যে, নিজচেঙা গাঁওৰ বামপাৰৰ পশু পালক দেৱ কুমাৰ দেৱে জনোৱা অনুসৰি বিগত ৭ বছৰে গাহৰি পালনৰ লগত জৰিত আৰু ৩৫ টাকৈ গাহৰি পালন কৰি আছিল এইজন পশু পালক দেৱ কুমাৰ দেৱে ।

লগতে পঢ়ক : WATCH | Tragic incident : পানীত পৰি সলিল সমাধি এগৰাকী কনমানিৰ