Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটত গোৰ্খা ভৱনৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাট,২২মে’ : জামুগুৰিহাটৰ মৰিসুতিত আজি গোৰ্খা ভৱনৰ‌ আধাৰশিলা স্থাপন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ সমষ্টিটোৰ অধিনৰ বৃহত্তৰ জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ গোৰ্খা ছাত্ৰ সন্থাই জনাই অহা দীৰ্ঘদিনীয়া দাবী পুৰণ কৰি গোৰ্খা উন্নয়ন পৰিষদৰ আৱন্তিত পুঁজিৰ দহ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মণ কৰিবলগীয়া এই গোৰ্খা ভৱনৰ নিৰ্মণ কাৰ্য্যাৰ শুভাৰম্ভনী উপলক্ষে আয়োজিত আধাৰশিলা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে(Jamugurihat News)।

অনুষ্ঠানটিত স্থানীয় ৰাইজৰ লগতে উত্তৰ জামুগুৰি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি হেম লিম্বু সম্পাদক ৰুদ্ৰ চেত্ৰী, গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য সঞ্জীৱ চেত্ৰী, মহেন্দ্ৰ ৰায় কে ধৰি গোৰ্খা ছাত্ৰ সন্থাৰ বিষয় ববীয়া আৰু গোৰ্খা উন্নয়ন পৰিষদৰ বিষয় ববীয়া সকলেও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : WATCH | Poor conditions of Roads : ৰঙাপৰা সমষ্টিৰ নামনিগাঁৱৰ এটা বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাইজক