WATCH | Poor conditions of Roads : ৰঙাপৰা সমষ্টিৰ নামনিগাঁৱৰ এটা বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাইজক
জামুগুৰিহাট,২২মে’ : ৰঙাপৰা সমষ্টিৰ নামনিগাঁৱৰ এটা বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাইজক। পথ নিৰ্মাণৰ দাবীত ওলায় আহিল ৰাইজ ৷ পথ নিৰ্মানৰ দাবীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ৷
লেচু বাগানৰ পৰা নামনিগাঁও ষ্টেডিয়াম সংযোগ পথচোৱা এজাক বৰষুণতে বোকাময় হৈ পৰে ৷ পথছোৱাৰে ৰাইজে অহা-যোৱা কৰাৰ ক্ষেত্ৰত ভূগিবলগীয়া হয় যমৰ যন্ত্ৰণা । বোকা-পানী গছকি ৰাইজ আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে অহা-যোৱা কৰিবলগীয়া হৈছে(Poor conditions of Roads)।
বিধ্বস্ত পথৰ বাবে অঞ্চলটোলৈ নাহে বিনামূলীয়া এম্বুলেঞ্চ সেৱাৰ গাড়ী। বিশেষকৈ বাৰিষাৰ কালত সংকটজনক ৰোগীক চিকিৎসালয়লৈ নিয়াৰ সময়ত পৰিয়ালৰ লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। নামনিগাঁৱৰ স্থানীয় ৰাইজে পথটি নিৰ্মাণৰ দাবীত ওলাই আহে আৰু বিভিন্ন শ্লোগান দি পথটি নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷
নামনি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ গাতে লাগি থকা বিধ্বস্ত পথটি নিৰ্মাণৰ ক্ষেত্ৰত পৰিবৰ্তনগামী বিজেপি নেতৃত্বাধীন চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ’ব অতি লক্ষণীয়।
লগতে পঢ়ক : WATCH | Tiranga Yatra : নগাঁও জিলাত বিজেপিৰ তিৰংগা যাত্ৰা