Local, Vocal, Global

WATCH | Titabar News : কোনো চিহ্ন নোহোৱা স্পীড ৱেকাৰ বাবে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে মহিলাই

তিতাবৰ,২২মে’ : কোনো চিহ্ন নোহোৱা স্পীড ৱেকাৰ বাবে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। বাৰে বাৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো গা লৰা নাই লোক নিৰ্মাণ বিভাগৰ।

যোৱা ১৭ মে’ তাৰিখে বৰহোলাস্থিত খুৰিয়েকৰ ঘৰত তিলনি খাবলৈ আহি প্ৰাণ হেৰুৱালে দুলুমনি গগৈ নামৰ এগৰাকী মহিলাই। চিহ্ন নোহোৱা স্পীডৱেকাৰ বাবে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে তিতাবৰৰ দুলুমনি গগৈয়ে। বৰহোলা নগাবাট সংযোগী পথছোৱা কেৱল মাত্ৰ ৰিপেইংগ কৰি কেবাটাও নতুন স্থানত স্পীডৱেকাৰ স্থাপন কৰিছিল লোকনিৰ্মাণ বিভাগ তথা ঠিকাদাৰে(Titabar News)।

কিন্তু বৰ্তমানেও উপযুক্ত চিহ্ন দিয়া হোৱা নাই উক্ত স্থানত । আজি স্থানীয় ৰাইজে প্ৰতিবাদ কৰাত দুটা স্পীডৱেকাৰত অতি কম মানদণ্ডৰ হোৱাইট টেপিং কৰি দুটা ৰিফেলক্তৰ লগাই দাই হৰিছে লোকনিৰ্মাণ বিভাগে।

ৰাইজ মন্তব্য অনুসৰি বহুত দিনৰ আগৰ পৰাই স্পীড ৱেকাত উপযুক্ত চিহ্ন দিবৰ বাবে বাৰম্বাৰ লোকনিৰ্মাণ বিভাগ তথা ঠিকাদাৰক অভিযোগ কৰিছিল। কিন্তু এগৰাকী মহিলাৰ প্ৰাণ হেৰুৱাৰ পাছতো গা নলৰিল লোকনিৰ্মাণ বিভাগ তথা ঠিকাদাৰৰ। আজি ৰাইজ প্ৰতিবাদৰ বাবে ওলাই অহাত গা লৰিল লোকনিৰ্মাণ বিভাগৰ।

লগতে পঢ়ক : WATCH | Dead body found : বকোৰ নদিয়াপাৰাত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ