WATCH | Tanu Shahi has sought forgiveness :’মোৰ মুখেৰে ওলোৱা কথাখিনিক লৈ মই দুঃখিত’,মোক নিজৰ ছোৱালী ভাৱি ক্ষমা কৰি দিব’
নিউজ ডেস্ক,২২মে’ : অৱশেষত ক্ষমা খুজিলে বি এন সিং পেট্ৰল পাম্পৰ তনু শ্বাহীয়ে। তনু শ্বাহীৰ এজাহৰৰ ভিত্তিতেই হাতত হেণ্ডকাফ লাগিছিল প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাক। প্রথমে অসমীয়াক মুকলিকৈ চৰম অপমান। তাৰ পাছত সামাজিক মাধ্যমত মুকলিকৈ ক্ষমা। তনু শ্বাহীৰ বিৰুদ্ধে ১০খন এজাহাৰ দাখিল কৰিছিল বিভিন্ন দল-সংগঠনে।
গ্ৰেপ্তাৰৰ আশংকাত ছ’চিয়েল মিডিয়াত ক্ষমা-প্রার্থনা তনুৰ(Tanu Shahi has sought forgiveness)।
সামজিক মাধ্যমযোগে ক্ষমা বিচাৰি তনু শ্বাহীয়ে কয়, “১৭ মে’ত দুলীয়াজানৰ বি এন সিং তেল ডিপোত যি অপ্ৰীতিকৰ ঘটনা হৈছে তাৰ বাবে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাজিয়াৰ সময়ত মোৰ মুখেৰে যি শব্দ ওলাইছিল তাৰ বাবে মই দুঃখিত”।
”এই শব্দটো কোনো দল-সংগঠৰ উদ্দেশ্যে কোৱা নাছিলোঁ। সেইদিনা মোৰ চকুৰ সন্মুখত মোৰ ভাইটিসকলক চোঁচৰাইছে, মাৰিছে সেইবাবে মই ভয়ত এইদৰে ক’লো। মই এইদৰে অসমীয়াৰ বাবে বা অসমীয়া জাতিৰ বাবে কেতিয়াও ক’ব নোৱাৰো, কাৰণ মই নিজেই অসমীয়া ছোৱালী।”
”কিন্তু মই এইটো শব্দ কাৰো বাবে ক’ব নালাগিছিলে। মই ইয়াৰ বাবে দুখ প্ৰকাশ কৰিছোঁ, সকলোকে এটাই অনুৰোধ জনাও যে মোক নিজৰ ছোৱালী বুলি ক্ষমা কৰি দিয়ে যেন।”
লগতে পঢ়ক : WATCH | Tanu Shahi has sought forgiveness : অৱশেষত ক্ষমা বিচাৰিলে তনু শ্বাহীয়ে