Local, Vocal, Global

WATCH | Sipajar News : ছিপাঝাৰৰ দুৱৰীপাৰাত লোক নিৰ্মাণ বিভাগৰ বিধ্বস্ত পকীপথ মেৰামতিৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ   

ছিপাঝাৰ,২২মে’ : ছিপাঝাৰৰ দুৱৰীপাৰাত লোক নিৰ্মাণ বিভাগৰ বিধ্বস্ত পকীপথ মেৰামতিৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ   
   
ছিপাঝাৰৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ তথা সকলো ফালৰ পৰা ব্যস্ততাপূৰ্ণ  পথ হ’ল ছিপাঝাৰ কঠামাৰা-দুৱৰীপাৰা-চেঙেলীয়াঝাৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ পকীপথ। যিটো পথৰে ছিপাঝাৰ পশ্চিম অঞ্চলৰ ৰাইজৰ বেপাৰ বাণিজ্য, অফিচ-কাছাৰী, স্বাস্থ্য ,স্কুল -কলেজৰ ছাত্ৰী ছাত্ৰী সকলোৱে অহা যোৱা কৰে।

কিন্তু আশ্বৰ্যজনক কথা যে, পথটোৰ দুৱৰীপাৰাত ঠাই বিশেষে পথ নে পুখুৰী তাক ধৰিব নোৱাৰি। যিটো বিধ্বস্ত পথেৰে অঞ্চলটোৰ ৰাইজৰ লগতে যান বাহন চলাচল কৰিবলগীয়া হৈ অহাত যাতনা ভুগিবলগীয়া হৈছে। পথটোক লৈ যেন  বিভাগ-জনপ্ৰতিনিধিৰ নাই কোনো গুৰুত্ব(Sipajar News)।

ছিপাঝাৰৰ দুৱৰীপাৱাত লোক  নিৰ্মাণ বিভাগৰ বিধ্বস্ত  পকীপথটিত  ঠাই বিশেষে সৃষ্টি হোৱা পুখুৰী সদৃশ পানীয়ে ৰাইজক নৰক যান্ত্ৰণা যোগাইছে। বিদ্যালয়ৰ‌ কণ কণ শিশু সকলক অভিভাৱক সকলে কান্ধত তুলি দাঙি নি অনা নিয়া কৰিব লাগে। এটা সদাব্যস্ত পথ লোক নিৰ্মাণ‌‌ বিভাগৰ পথটি বিধ্বস্ত হৈ পৰাৰ পাছতো বিভাগে মেৰামতি নকৰাতো আশ্বৰ্যজনক কথা।

পথটো মেৰামতিৰ বাবে ৰাইজে বিভাগক জনোৱাৰ পাছতো কোনো যেন কাণসাৰ নাই। স্থানীয় বিধায়ক গৰাকী পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ কথা জানিও আজিলৈ একো এটা নকৰা বুলি অভিযোগ উঠিছে। বিভাগৰ উন্নয়নৰ ফটা ঢোলৰ‌ জয়গান উদঙাই আজি ছিপাঝাৰ আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত পথটো মেৰামতিৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰি ধৰ্ণাও দিয়ে।পথত মহিলা সকলে জাকৈ-প’ল লৈ মাছ মাৰি উদঙাই দিয়ে বিভাগৰ উন্নয়নৰ সফলতা।

লগতে পঢ়ক : WATCH | Dead body found : অৱশেষত দুধনৈ নৈত উদ্ধাৰ সন্ধানহীন ক্ৰছফিল্ড চাংমাৰ মৃতদেহ