WATCH | Jorhat News : কাৰ ভুলৰ বাবে ১৮ বছৰীয়া গনেশ দাসে হেৰুৱালগীয়া হ’ল হাত
যোৰহাট,২২মে’ : বালিগাঁও বিদুৎ উপ সংমণ্ডলত ভয়ংকৰ ঘটনা MY NEWS NE ফাদিল ।
পিতৃৰ সৈতে বিহু কাপোৰ কিনিবলৈ অহা গনেশ এতিয়া ডিব্ৰুগড় মেডিকেল কলেজত জীৱন মৰনেৰে যুঁজ।
যোৰহাট বালিগাঁও বিদুৎ উপ সংমণ্ডলৰ লাইন মেন, কাৰ্য্যবাহী বিষয়া,অভিযন্তা,ভুলৰ বাবে জীৱন ধংস হল ১৮ বছৰ বয়সৰ গণেশৰ ।
ব’হাগ বিহু লৈ আছিল মাত্ৰ কেইটামান দিন,ঘটনাটো ১৯ মাৰ্চৰ বালিগাঁও বিদুৎ উপ সংমণ্ডলৰ এলেকা সমূহত ৩৩ কেভি তাঁৰত লাগি থকা গছৰ ডাল কাটিবলৈ হাজিৰাত নিয়োগ কৰিছিল বৈকুণ্ঠ দাস নামৰ এজন ব্যক্তিক। পিতৃ বৈকুণ্ঠ দাসে লগত লৈ আহিছিল পুত্ৰ গনেশ দাসক। গছ কটা হাজিৰা টকা কেইটা লৈ পুত্ৰৰ বিহু বজাৰ কৰিব(Jorhat News)।
গছৰ দাল কাটিবলৈ অহা ১৮ বছৰ বয়সৰ গনেশ দাসৰ তাতে গছ কাটি থকাৰ সময়তে কাৰেন্টত লাগে ।
ঘটনাটো হোৱাৰ পিছত বালিগাঁও বিদুৎ বিভাগৰ কেইজনমান কৰ্মচাৰী আৰু বিষয়া গৰাকীৰ নেতৃত্বত যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও যোৰহাট মেডিকেল কলেজৰ পৰা গণেশ দাসক পুনৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । গণেশ পৰিয়ালৰ হাতত মৌচুমি শইকীয়াৰ নিৰ্দেশত আৰু কোনো কৰ্মচাৰীয়ে ১৪ হাজাৰ টকা হাতত দি পঠায় । ঘটনা বিষয়ে সংবাদ মাধ্যমৰ লগতে কোনো লোকক জনোৱাৰ পৰা আতৰত থাকিবলৈ ভাবুকি দিয়ে ।
ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা গনেশ দাসৰ লগতে পিতৃ মাতৃ এতিয়া বিপদত পৰিছে । পৰিয়ালৰ লোকে যোগাযোগ কৰিছে যদিও বিষয়া মৌচুমীৰ কোনো গুৰুত্ব নাই।
গান্ধালীৰ এই দৰিদ্ৰ সীমাৰেখাৰ তলৰ এই পৰিয়ালটোৱে ডিব্ৰুগড়ৰ মেডিকেল কলেজত বিপদত পৰি কাষ চাপিছে সংবাদ মাধ্যমৰ।