WATCH | International Tea Day : ডুমডুমাত আন্তৰ্জাতিক চাহ দিৱস উদযাপন
ডুমডুমা,২১মে’ : অসমৰ উজনি প্ৰান্তত চাহ পানীয়ৰ সূচনা হৈছিল ১৮৩০ চনত,বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময়ত। যি সময়ত অসমৰ আদিম আদিবাসী আৰু চিংফৌ সকলে পানীয় হিচাপে ব্যৱহাৰ কৰিছিল চাহ গছৰ পাত।
১৮৪০ চনৰ সময়ছোৱাত অসম টি কোম্পানী গঠন কৰি অসমৰ চাহক বাণিজ্যিক ৰূপ দিয়া হয়। তেতিয়াৰ পৰাই অসমৰ মানুহে বিশেষকৈ উজনি অসমত চাহৰ খেতি প্ৰধানকৈ কৰি আহিছে আৰু বৰ্তমান সময়ত চাহ খেতিক উপাৰ্জনৰ মূল পথ হিচাপে বাচি লৈছে ডুমডুমাবাসীয়ে। এতিয়া চাহ কেৱল খেতি নহয়, চাহ সংস্কৃতি, চাহ অৰ্থনীতি আৰু চাহ পৰিচয়ৰ বাহক(International Tea Day)।
আজি আন্তৰ্জাতিক চাহ দিৱস। সমগ্ৰ অসমৰ Tea City of Upper Assam বুলি জনাজাত ডুমডুমা চাহ চহৰতো উদযাপন কৰা হৈছে আন্তৰ্জাতিক চাহ দিৱস। এই উপলক্ষে ডুমডুমাৰ টি বৰ্ড ভাৰতৰ দ্বাৰা স্বীকৃত Assam Brought Leaf Tea Manufacturers Associationৰ এখন ম’বাইল টি ষ্ট’লৰ শুভাৰম্ভ কৰা হয়।
এই অনুষ্ঠানত ডুমডুমা সম জিলাৰ আয়ুক্তা নুজহাত নাচৰীণ উপস্থিত থাকি আন্তৰ্জাতিক চাহ দিৱসত একাপ সতেজ চাহৰ জুতি লয় ম’বাইল টি ষ্ট’লৰ শুভাৰম্ভ কৰে। এই টি ষ্ট’লৰ জৰিয়তে সকলো শ্ৰেণীৰ মানুহক চাহৰ সুৱাদ দি, চাহৰ গুণাগুণ আৰু ইয়াৰ মানদণ্ডৰ ওপৰত সৃষ্টি কৰিব সজাগতা। ইতিমধ্যে ম’বাইল টি ষ্ট’লখনে ডুমডুমাৰ বিভিন্ন ঠাইত চাহৰ সুৱাদ দিয়াৰ ওপৰিও ডুমডুমা ৰাজহ চক্ৰ বিষয়াকো চাহৰ জুতি দিয়ে। Chai piyo Mouj Mein Raho আৰু Chai piyo swasthya Jiyo মূল মন্ত্ৰৰে আজিৰ আন্তৰ্জাতিক চাহ দিৱস পালন কৰা দেখা পোৱা যায়।
লগতে পঢ়ক : WATCH | Jorhat News : যোৰহাটত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা