WATCH | Sipajar News : সুদীৰ্ঘ ২০ বছৰে মেৰামতি নহ’ল দিমীলা নদীৰ ছিগা মথাউৰি
ছিপাঝাৰ,২১মে’ : সুদীৰ্ঘ ২০ বছৰে মেৰামতি নহ’ল দিমীলা নদীৰ ছিগা মথাউৰি। পুনৰ বাৰিষা অহাৰ লগে লগে শংকিত হৈ পৰিছে ৰাইজ। বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীও মথাউৰিটোৰ ছিগা অংশ পৰিদৰ্শন কৰিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।
২০০৪ চনত ছিপাঝাৰৰ পশ্চিম অঞ্চলৰ দিমীলা নদীৰ পূৱ দিশৰ মথাউৰিটোৰ দুৰদুৰীয়াৰ সমীপত প্ৰায় পঞ্চাশ মিটাৰ দৈৰ্ঘ্য ছিগি পেলাইছিল। যাৰ পিছত মথাউৰিটোৰ ছিগা অংশৰে নদীখনৰ ওভতনি বাঢ়নী পানী সোমাই দুৰদুৰীয়া- নাওঁপোটা চমুখা, বগাচলা ঘোপেলী,গোপালপুৰ,লাউজান,বছাচুবা,পাটগিৰিচুবা,চেঙেলীয়াঝাৰ,বামুণপাৰাকে ধৰি অঞ্চলটোৰ ১০/১২ খনমান গাঁওৰ কৃষক ৰাইজৰ খেতি পথাৰ বুৰাই বিনষ্ট কৰিছিল(Sipajar News)।
এবছৰ দুবছৰ নহয় সুদীৰ্ঘ ২০ বছৰে অঞ্চলটোৰ কৃষক ৰাইজে বাৰিষা সময়ত পানীৰ সৈতে সহৱস্থান কৰি আহিবলগীয়া হোৱাত দুখ যন্ত্ৰণাৰ সীমা নোহোৱা হৈ পৰা বুলি জানিব পৰা গৈছে। ইফালে বাৰিষা সময়ত খেতি পথাৰত দিমীলা নদীৰ পানীয়ে সাগৰ সদৃশ ভাবে বুৰাই ৰখাত কৃষক ৰাইজে প্ৰতিটো বছৰে শালিধানৰ খেতি কৰিব নোৱাৰাত জৰুলা হৈ অৰ্থনৈতিক দুৰ্ভিক্ষৰ কৱলত পৰিবলগীয়া হোৱা বুলি প্ৰকাশ।বিগত সময়ত ৰাজ্যত বহু চৰকাৰ, জনপ্ৰতিনিধি আহিল আৰু গ’ল যদিও অঞ্চলটোৰ ৰাইজৰ মুখ্য সমস্যাটোৰ কথা ৰাইজৰ পৰা জানিও ব্যৱস্থা লোৱাৰ আহৰি নহ’ল বুলি অভিযোগ উত্থাপন হৈছে।
পাঁচ বছৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বান পৰিস্থিতিৰ বুজ ল’বলৈ চেঙেলীয়াঝাৰলৈ আহোতে ৰাইজে দিমীলা নদীৰ মথাউৰিৰ ছিগা অংশখিনি মেৰামতিৰ দাবী উত্থাপন কৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে বিভাগৰ মঙলদৈ সংমণ্ডল কাৰ্যবাহী অভিযন্তাক ব্যৱস্থা গঠনৰ কথা জনাইছিল।
ৰাইজে নিশ্চিত ভাবে আশাবাদী হৈ পৰিছিল যে স্বয়ং মুখ্যমন্ত্ৰী নিৰ্দেশ দিলে যেতিয়া এইবাৰ নিশ্চয় মেৰামতি হ’ব ।
পিছে দিন যোৱাৰ লগে লগে সকলো পাহৰণি হৈ পৰিল। বৰ্তমানৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীও মথাউৰিটোৰ ছিগা অংশত যাতায়াতৰ বাবে ৰাইজে বাঁহৰে সাজি লোৱা দলখন পৰিদৰ্শন কৰিছিল বুলি ৰাইজৰ মুখে প্ৰকাশ। কিন্তু আজিলৈকে কোনো ব্যৱস্থা হৈ নুঠাৰ অভিযোগ উঠিছে। সমাগত বাৰিষাক লৈ শংকিত হৈ পৰা ৰাইজে মথাউৰিৰ ছিগা অংশখিনি বিভাগে পুতি দিয়ক,নাই দলং এখন নিৰ্মাণ কৰি ৰাইজৰ যাতায়াত সুচল কৰি তোলাৰ অনুৰোধ জনাইছে।
লগতে পঢ়ক : WATCH | Dalgaon News: দলগাঁৱত প্ৰজ্ঞান ভাৰতী আচঁনিৰ স্কুটি বিচাৰি একাংশ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ