WATCH | Mushalpur News : বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে মাৰবান্ধি থিয় হৈছে শাসকীয় দল বিজেপি
মুছলপুৰ,২১মে’ : বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে মাৰবান্ধি থিয় হৈছে শাসকীয় দল বিজেপি ।
দিহিৰাত ৰাইজৰ মাজত সোমাই পৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাম দাহাল(Mushalpur News)।
বাক্সাৰ নিকাছিত সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহক সদস্য ৰাম দাহালে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ বাবে বিজেপিৰ পৰা টিকট আশা কৰা ইংগিত দিয়ে ।
দুবাৰকৈ বাক্সা জিলা বিজেপিৰ সম্পাদক আৰু দুবাৰকৈ সভাপতি হোৱা ৰাম দাহালে সমষ্টিটোৰ উন্নয়নৰ বাবে সপোন দেখা বুলিও মন্তব্য কৰে।
লগতে পঢ়ক : WATCH | Udalguri News : BJP মিএজোঁট চৰকাৰৰ দিনতো পৰিৱৰ্তনৰ আশাত ৩৯ নং পাচনৈ চেৰফাং সমষ্টিৰ ভোটাৰ