WATCH | Boko News : বকোৰ দিলিঙ্গাত শ্ৰী শ্ৰী লাঙাবুঢ়া মন্দিৰ আশ্ৰীত গঞা ৰাইজৰ বাৰ্ষিক লাঙা পূজাৰ উদুলি মুদুলি পৰিৱেশ
বকো,২১মে’ : বকোৰ দিলিঙ্গাত শ্ৰী শ্ৰী লাঙাবুঢ়া মন্দিৰ আশ্ৰীত গঞা ৰাইজৰ বাৰ্ষিক লাঙা পূজাৰ উদুলি মুদুলি পৰিৱেশ।
পৌৰাণিক আখ্যান মতে, জনজাতীয় লোকসকলৰ পৰম উপাস্য দেৱতা প্ৰভূ লাঙাবুঢ়া পূজাৰ বাৰ্ষিক ভাগি বিগত বছৰবোৰৰ দৰে এই বৰ্ষও বকোৰ দিলিঙ্গাত আয়োজন কৰা হৈছে। দিলিঙ্গাৰ শ্ৰী শ্ৰী লাঙাবুঢ়া মন্দিৰ আশ্ৰীত গঞা ৰাইজৰ উদ্যোগত আয়োজন কৰা হয় লাঙা পূজা।
উল্লেখ্য যে, জনজাতীয় সমাজৰ উপাস্য দেৱতা লাঙাবুঢ়াৰ বাৰ্ষিক পূজা ভাগি আয়োজন কৰিবলৈ গঠন কৰা পূজা আয়োজক সমিতিৰ সভাপতি ভোলা ৰাভা, উপ সভাপতি ৰবিৰাম ৰাভা, সাধাৰণ সম্পাদক বিৰেণ ৰাভা আৰু সহকাৰী সম্পাদক যুজিষ্ঠিৰ ৰাভাই জনোৱা অনুসৰি ১৯৮১ চনৰ পৰা আজিলৈ ৪৪ বছৰে ধৰ্মীয় পৰম্পৰাৰে পালন কৰি অহা হৈছে পূজা ভাগি(Boko News)।
ইফালে লাঙাবুঢ়া পূজাৰ বাবে গঠিত অভ্যৰ্থনা সমিতিৰ সভাপতি জগত চন্দ্ৰ ৰাভা আৰু সম্পাদক জ্ঞান ৰাভাই জনোৱা অনুসৰি পূজাৰ বিধি অনুসৰি গোঁসাই স্থাপন, পূজা আৰম্ভ ; নাম-প্ৰসঙ্গ ; বিধি ব্যৱস্থাৰ আৰু বলি-বিধানৰে পূজাৰ পৰম্পৰা ৰক্ষা কৰা হয়। দিনৰ ভাগত পূজাৰ ৰীতি-নীতি পালনৰ পাছত সন্ধিয়া সাংস্কৃতিক মঞ্চ আনুষ্ঠনিক ভাৱে উদ্বোধন কৰে জনপ্ৰিয় যুৱ নেতা তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ খলিহাকোঠ পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে।
লগতে পঢ়ক : WATCH | Floods News : মেঘালয়ৰ বিভিন্ন অঞ্চলত বান