WATCH | PMAY : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত অহা ধন আত্মসাৎ
নিউজ ডেস্ক,২০মে’ : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত অহা ধন আত্মসাৎ। বৃদ্ধ মহিলাৰ বেংকত নিজৰ ফোন নম্বৰ দি দুটাকৈ কিস্তিৰ ধন আত্মসাৎ।
দলগাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত অহা ধন আত্মসাত ৰেজাউল হকৰ। বৃদ্ধ মহিলাৰ বেংকত নিজৰ ফোন নম্বৰ দি আত্মসাৎ কৰিলে দুটাকৈ কিস্তিৰ ধন।
দৰঙৰ দলগাঁৱৰ কল্যাণ গাঁও পঞ্চায়ত বিভিন্ন আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে৷ ছাবিৰুন বেৱা নামৰ এগৰাকী বৃদ্ধা মহিলাৰ পৰা ৰেজাউল হক নামৰ ব্যক্তিজনে চৰকাৰী গৃহ নিৰ্মাণ অহা ধন ৮১২৫০ টকা আত্মসাৎ কৰে(PMAY)।
দুটাকৈ কিস্তিৰ ধন আত্মসাৎ কৰা অভিযোগ উঠিছে। মহিলা গৰাকীয়ে ঘৰটো বনাব নোৱাৰি কান্দোনত ভাগৰি পৰিছে । পঞ্চায়ত এই সন্দৰ্ভত অভিযোগ কৰিও কোনো সুফল নাপাই অৱশেষত দলগাঁও থানাত ৰেজাউল হকৰ বিৰুদ্ধে এজাহাৰ দিয়ে।
এটা ভগা পঁজাত কোনোমতে নিজৰ সন্তানক লৈ বসবাস কৰা দুৰ্ভগীয়া মহিলাগৰাকীয়ে টকাখিনি মুকলাই দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে৷ দুৰ্নীতিৰ তদন্ত কৰিবলৈ একাংশ ৰাইজে জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে ৷
লগতে পঢ়ক : WATCH | Barpeta News : MOEFCCPC ৰ অসম প্ৰদেশৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ শর্মাৰ বহৰি সত্ৰত গুৰুজনাৰ আশীৰ্বাদ গ্ৰহণ