Local, Vocal, Global

WATCH | Nalbari News : নলবাৰীৰ বৰক্ষেত্ৰীৰ কৃষকৰ কান্দোন পথাৰত

নলবাৰী,২০মে’ : নলবাৰীৰ বৰক্ষেত্ৰীৰ কৃষকৰ কান্দোন পথাৰত। সোণগুটি চপোৱাৰ সময়ত আনন্দৰ পৰিৱৰ্তে হুকহুকাই কান্দিছে কৃষকে। বৰক্ষেত্ৰীৰ ২ নং জয়সাগৰৰ অসহায় কৃষকে বিঘাই-বিঘাই অলকানন্দা ৮৩৭ ৰ খেতি কৰি ধানৰ পৰিৱৰ্তে পালে পতান।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কৃষকৰ কপালৰ ঘাম মাটিত পৰিও সুফল নোপোৱাত পথাৰতে বিননি জুৰিলে কৃষকে। অঞ্চলটোৰ জামাল আলী,ৰান্টু হুছেইন,ৰিন্টু আলী,আহমদ আলী, আবুল আলী,আলী হুছেইন, জুলাহাছ আলী, ৰহমান আলী ,আনোৱাৰ হুছেইন, মজিবৰ আলী, জালাল আলী,চান্দ মহম্মদ আলী,ইছমাইল আলী আদি কৃষকসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে(Nalbari News)।

অসাধু ব্যৱসায়ীয়ে অলকানন্দা ৮৩৭ নামৰ ধানৰ বীজ প্ৰতি কিলো ৭৫০ টকা দৰত বিক্ৰী কৰিছিল কৃষকসকলক। এতিয়া ধান কাটিবলৈ গৈ মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে। এই অসহায় কৃষকসকলে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচৰাৰ লগতে অসাধু ব্যৱসায়ীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।

লগতে পঢ়ক : WATCH | Nalbari News : যুৱতীয়ে অপহৰন কৰিলে কিশোৰীক