WATCH | Hajo News : হাজোত পথ অৱৰোধ শ শ কৃষকৰ;হাতত ধানৰ মুঠি লৈ ৰাজ পথলৈ ওলাই আহিছে কৃষক সকল
হাজো,২০মে’ : হাজোত পথ অৱৰোধ শ শ কৃষকৰ। ন্যায় বিচাৰি ৰাজপথত নামিল কেইবা শতাধিক কৃষক। বীজ ভাণ্ডাৰৰ পৰা ক্ৰয় কৰা ধানৰ পৰিৱৰ্তে ওলাল পতান।
প্ৰথমে মন কৰক এই দৃশ্য লৈ। হাতত ধানৰ মুঠি লৈ ৰাজ পথলৈ ওলাই আহিছে কৃষক সকল। এয়াই কোনো বিহাৰ বা উত্তৰ প্ৰদেশৰ দৃশ্য নহয়। এয়া এইখন অসমৰে হাজোৰ বুল্লুটৰ দৃশ্য। শ শ কৃষকে বৰো ধান কৰাৰ উদ্দেশ্যে হাজো বুল্লুটত থকা এইখন প্ৰধানমন্ত্ৰী কৃষক সমবৃদ্ধি কেন্দ্ৰৰ স্বত্বাধিকাৰী আহমদ হুছেইন পৰা ক্ৰয় কৰিছিল ধানৰ বীজ। নিৰ্ধাৰিত দামতকৈ বেছি দামত কৃষক সকলৰ ওচৰত এই বীজ বিক্ৰী কৰিছিল এইজন আহমদ হুছেইনে। বহু কষ্ট কৰি কৃষক সকলে এই বীজ ৰোপন কৰিছিল যদিও অৱশেষত কৃষক সকলৰ আশাত পৰিল চেচাপানী(Hajo News)।
ধানৰ পৰিবৰ্তে কৃষকে পালে পতান। কৃষক কেন্দ্ৰটোৰ পৰা বীজ ক্ৰয় কৰি হাজাৰ হাজাৰ বিঘা মাটিত ৰোপন কৰিছিল বৰো ধান। ধান কাটিব সময়ত হাহাকাৰ লাগিল কৃষক সকলৰ।পথাৰত ধানৰ পৰিবৰ্তে ওলাইছে পতান। উপায়ন্তৰ হৈ পথাৰত ৰোপন কৰা ধানৰ মুঠি লৈ কৃষক কেন্দ্ৰ ঘেৰাও কৰিবলৈ ওলায় আহিল শতাধিক কৃষক।। কৃষক সকল অহাৰ পুর্বে পলায়ন প্ৰধানমন্ত্ৰীৰ কৃষক সমবৃদ্ধি কেন্দ্ৰৰ স্বত্বাধিকাৰী এইজন আহমদ আলী। উপায়ন্তৰ হৈ হাজো নলবাৰীৰ পথ অৱৰোধ কৰে ভুক্তভোগী কৃষক সকলে।
ভুক্তভোগী কৃষক সকলৰ দাবী,উপযুক্ত ক্ষতিপূৰণ আদায় দিব লাগে কৃষক কেন্দ্ৰটোৰ স্বত্বাধিকাৰী আহমদ আলীয়ে।অন্যথা ইয়াতকৈ অধিক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে প্ৰতিবাদী কৃষক সকলে।
লগতে পঢ়ক : WATCH | Mushalpur News : বাক্সাৰ বিজেপিৰ সাংগঠনিক সভাত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস