Local, Vocal, Global

WATCH | Sensational incident : প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি হৈ প্ৰেমিকাৰ আত্মাহত্যা!

ৰঙিয়া,২০মে’ : এইবাৰ ৰঙিয়াত প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি হৈ প্ৰেমিকাৰ আত্মাহত্যা কৰাৰ অভিযোগ। প্ৰেমিক জিতু আলীৰ বিৰুদ্ধে পৰিয়ালৰ এজাহাৰ।

ৰঙিয়াৰ কাছাৰী শৌলমাৰী অঞ্চলত এক হৃদয়বিদাৰক ঘটনা । এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি হৈ ঘৰৰ ফেনত চিপ লৈ আত্মাহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

পৰিয়ালৰ দাবী অনুসৰি, যুৱতীগৰাকীৰ প্ৰেমিক ৰঙিয়াৰ কেন্দুকোনা কছৰুৱাৰ জিতু আলীয়ে তেওঁৰ অশ্লীল ফটো আৰু ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি বাৰে বাৰে মানসিক নিৰ্যাতন চলাই আহিছিল যুৱতী গৰাকীক। এই নিৰ্যাতনৰ ফলত অতিষ্ঠ হৈ যুৱতীগৰাকীয়ে জীৱনৰ চৰম পন্থা বাছি লোৱা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে(Sensational incident)।

ঘটনাৰ অন্তত যুৱতী গৰাকীৰ পিতৃয়ে ন্যায় বিচাৰি ৰঙিয়া আৰক্ষী থানাত জিতু আলীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। পৰিয়ালৰ সদস্যসকলে জানিবলৈ দিয়া মতে, জিতু আলীৰ ব্লেকমেইল আৰু মানসিক চাপৰ ফলত যুৱতীগৰাকী মানসিকভাৱে ভাঙি পৰিছিল, যাৰ পৰিণতিত তেওঁ এই দুৰ্ভাগ্যজনক সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল । এই ঘটনাই ৰঙিয়াৰ স্থানীয় লোকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে।

স্থানীয় লোকে দাবী কৰিছে যে অভিযুক্ত জিতু আলীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। ৰঙিয়া আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু অভিযুক্তক জিম্মাত লোৱাৰ প্ৰক্ৰিয়া চলাইছে। উল্লেখযোগ্য যে ৰঙিয়াত প্ৰতিদিনেই সংঘটিত হ’বলৈ ধৰিছে এটাৰ পিছত এটাকৈ অপৰাধ জনিত কাৰ্য্যকলাপ যাৰ বাবে স্তম্ভিত হৈ পৰিছে ৰঙিয়ি বাসী।ৰঙিয়াৰ পৰা হেমেন‌‌ কলিতা।

লগতে পঢ়ক : WATCH | Sankar Jyoti Baruah : শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰক লৈ বি এন সিং পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি