WATCH | Tiranga Yatra : বিশ্বনাথত ত্ৰিৰংগা যাত্ৰা
বিশ্বনাথ,২০মে’ : ভূ-স্বৰ্গ কাশ্মীৰৰ পেহেলগামত ২৬ গৰাকীকৈ পৰ্যটকক পাকিস্তানী সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ পিছত ভাৰতৰ সেনা,বায়ুসেনা আৰু নৌ সেনাই প্ৰৱল পৰাক্ৰম প্ৰদৰ্শন কৰি পাকিস্তানৰ বিভিন্ন অঞ্চলত থকা সন্ত্ৰাসবাদীৰ ঘাটি সমূহ ধ্বংস কৰে। আনকি শতাধিক সন্ত্ৰাসবাদীক হত্যা কৰে।
নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দেশ মাতৃক ৰক্ষাৰ বাবে যুদ্ধলৈ আগবাঢ়ি যোৱা এই সকল সেনাক সন্মান জনোৱাৰ লগতে দেশৰ ঐক্য-সংহতি আৰু সাৰ্বভৌমত্বৰ প্ৰতি সহমৰ্মিতা প্ৰকাশৰ উদ্দেশ্যে আজি বিশ্বনাথত উলিওৱা হয় এক ত্ৰিৰংগা যাত্ৰা(Tiranga Yatra)।
বিশ্বনাথবাসীৰ উদ্যোগত উলিওৱা এই ত্ৰিৰংগা যাত্ৰাত প্ৰতিকুল বতৰকো নেওচি বিভিন্ন জাতি ধৰ্মৰ হাজাৰ হাজাৰ লোক হাতে হাতে ত্ৰিৰংগ পতাকা লৈ ৰাজপথ লৈ ওলাই আহে। বিশ্বনাথৰ ধৰমশালাৰ পৰা বিশ্বনাথ নগৰ হৈ ক্ল’ক টাৱাৰলৈকে হাতে হাতে ত্ৰিৰংগ পতাকা লৈ সমদল কৰি যোৱা এই ত্ৰিৰংগা যাত্ৰাত কেইবাগৰাকীও প্ৰাক্তন সৈনিকে অংশগ্ৰহন কৰে।
দেশভক্তি মূলক গীত আৰু ভাৰত মাতাৰ জয়ধ্বনিত বিশ্বনাথৰ আকাশ বতাহ মুখৰিত হৈ পৰা এই ত্ৰিৰংগা যাত্ৰাত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথ, বিহালী আৰু গহপুৰৰ বিধায়ক ক্ৰমে প্ৰমোদ বৰঠাকুৰ, দিগন্ত ঘাটোৱাল আৰু উৎপল বৰায়েও অংশ গ্ৰহন কৰে।
লগতে পঢ়ক : WATCH | Nagaon News : উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ CPRO কৃপাজল কিশোৰ শৰ্মাৰ সংবাদমেল