Local, Vocal, Global

WATCH | Dergaon News : জটিল ৰোগত আক্ৰান্ত দেৰগাঁৱৰ বালিকা উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰী হষিতা ৰাজপুত

দেৰগাঁও,১৮মে’ : জটিল ৰোগত আক্ৰান্ত দেৰগাঁৱৰ বালিকা উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰী হষিতা ৰাজপুত। উন্নত চিকিৎসাৰ বাবে ৰাইজৰ সহায়ৰ প্ৰয়োজন কণমানি হষিতা ৰাজপুতক। চিকিৎসাৰ বাবে অৰ্থ সাহাৰ্য বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান মাতৃৰ।

দেৰগাঁও নগৰৰ তিনি নং ৱাৰ্ডৰ নিবাসী দেৱজিৎ ৰাজপুত একমাত্ৰ কন্যাৰ এক জটিল অস্ত্ৰোপচাৰ হেতু ধনৰ অভাৱত এটিয়া দিকবিদিক হেৰুৱালগীয়া হৈছে দৰিদ্ৰ পৰিয়ালটিয়ে।

কিছুদিনৰ পূৰ্বে মাটি বাৰি বিক্ৰী কৰি দৰিদ্ৰ পৰিয়ালটিয়ে হায়দৰাবাদৰ এআইজি চিকিৎসালয়ত এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল। গ’লব্লাডাৰত ষ্টোন আৱদ্ধ পিত্ত নলী স্থান ছাফা কৰাৰ লগতে কৃটিম ৰাবাৰ নলী সংস্থাপন কৰা হৈছিল। যদিও পুনৰ এটা মাহৰ অন্ততঃ মুল গলব্লাডাৰৰ ষ্টোন অস্ত্ৰোপচাৰ কৰাব লগা হোৱা অৰ্থৰ ভাৱত সাহাক কৰিছে পৰিয়ালে (Dergaon News)।

সামাজিক মাধ্যমৰ জৰিয়তে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হষিতা বিষয় অৱগত হোৱাৰ পাছতে জিলা আয়ুক্তৰ জৰিয়তে সমগ্ৰ বিষয়টো অনুসন্ধান কৰি –DCD(DM)22/2025/CMRF –Date-13/04/2025 যোগে প্ৰতিবেদন দাখিল কৰিছিল জিলা প্ৰশাসনে । বৰ্তমানেও মুখ্যমন্ত্ৰী পৰা পোৱা নাই কোনো সহাৰি। দৰিদ্ৰ পৰিয়ালটিয়ে এতিয়া মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান কণমানি জনিৰ প্ৰয়োজনীয় চিকিৎসা কৰাবলৈ।

লগতে পঢ়ক : WATCH | Mangaldoi News : বিপদে লগ এৰা নাই সাহিত্যিক ইছমাইল হুছেইনক